নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সমীপত সদ্যোজাতৰ মৃতদেহ উদ্ধাৰ
Published : Nov 21, 2023, 8:09 PM IST
নলবাৰী, ২১ নৱেম্বৰ:নলবাৰীত সংঘটিত হৈছে মানৱ সমাজক ভূ-লুণ্ঠিত কৰা এক ঘটনা । নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সমীপত কোনোবাই পেলাই থৈ গ'ল এটি সদ্যোজাতক । জিলাখনৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ কুন্দৰগাঁওত এখন দলঙৰ তলত মৃত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে শিশুটো ।
কোনো লোকে নিজৰ কুকৰ্ম ঢাকিবলৈ এইদৰে শিশুটি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । কাপোৰেৰ মেৰিয়াই থোৱা দেৱশিশুটিৰ কাষতে উদ্ধাৰ হৈছে এখনি মোনাও । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘগ্ৰাপাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে । স্থানীয় লোকৰ সন্দেহ মতে, নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত জন্ম হোৱা শিশুটিক হত্য়া কৰি কুকৰ্ম ঢাকিবলৈ এখন মেডিকেলৰ কাপোৰেৰে মেৰিয়াই এনেদৰে পেলাই থৈ যায় ।
TAGGED:
Crime in Nalbari