BJYM Assam Pradesh : চৰকাৰৰ সফলতা কামনাৰে ডিব্ৰুগড়ৰ নামঘৰত চাকি-বন্তি জ্বলাই সেৱা ল'লে যুৱ মৰ্চাই - তিৰোভাৱ তিথি
Published : Sep 16, 2023, 8:16 PM IST
ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ :আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি ৷ ইয়াৰ সমান্তৰালকৈ গুৰুজনাৰ তিৰোভাৱ তিথিত ৰাজ্যখনৰ জনসাধাৰণৰ মংগল কামনাৰে ডিব্ৰুগড় জিলা যুৱ মৰ্চাৰ সভাপতি বিদ্যুৎ গগৈৰ নেতৃত্বত যুৱ মৰ্চাৰ এটা সঁজাতি দলে চহৰখনৰ উপকণ্ঠ অঞ্চল মানকটা কছাৰীবাৰীত অৱস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত এখনি শৰাই, তামোল-পাণ, অৰিহনা দি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰখনে যাতে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে আৰু দুগুণ উৎসাহেৰে কাম কৰি যাব পাৰে সেই উদ্দেশ্যে বৈষ্ণৱৰ আগত সেৱা লয় ৷
উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ নিৰ্দেশত ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ বিজেপি বিধায়ক আৰু দলীয় কৰ্মী সকলক পবিত্ৰ ভাদমাহত নামঘৰলৈ গৈ ৰাজ্য চৰকাৰৰ সফলতা কামনাৰে শৰাই আগবঢ়াই সেৱা লোৱা দেখা যায় ৷ এই কাৰ্যসূচীৰে এক প্ৰকাৰে ৰাজ্যৰ বিজেপি বিধায়কসকলৰ লগতে দলীয় কৰ্মী সকলক ৰাইজৰ ওচৰলৈ গৈ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিছে ৷ যি কাৰ্যই সমাগত নিবাৰ্চনত ভাৰতীয় জনতা পাৰ্টীক বহু পৰিমাণে সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে দলটোৱে ৷