Bhupen Borah controversy: ‘‘ক্ষমা খোজক, অন্যথা প্ৰত্যাহবানৰ সন্মুখীন হ’ব ভূপেন বৰা’’; হুংকাৰ মিচিং জাতীয় সংগঠনৰ - BJP MLA Bhubon Pegu slams Bhupen Borah
Published : Oct 15, 2023, 10:57 PM IST
জোনাই, 15 অক্টোবৰ :শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জোনাইত মিচিং জনগোষ্ঠীৰ স্বাভিমান স্বৰূপ ৰিবি গাচেঙক গচকাক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে ৷ কংগ্ৰেছৰ ফালৰ পৰা এই বিতৰ্কৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও বিজেপি বিধায়ক আৰু মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰা আহিছে প্ৰতিক্ৰিয়া ৷
‘‘চাঙে চাঙে কংগ্ৰেছ’’ যাত্ৰা কাৰ্যসূচীত ভূপেন বৰাই মিচিং চাঙ ঘৰতে মিচিং জাতীয় স্বাভিমান ৰিবি গাচেং গচকা কাৰ্যক সমালোচনা কৰিছে মিচিং জাতীয় সংগঠনে ৷ ‘‘শীঘ্ৰে ক্ষমা খোজক ভূপেন বৰাই ৷ অন্যথা মিচিং গাঁওসমূহত প্ৰৱেশ কৰোতো প্ৰত্যাহবানৰ সন্মুখীন হ’ব ৷’’ এই মন্তব্য মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ন পেগুৰ ৷
‘‘বিহপুৰীয়াত পৰাজয়ৰ কৰাণ এই মিচিং সমাজক অৱহেলা কৰা ৷ কাৰণ বিহপুৰীত 30-40 হাজাৰ মিচিং ভোটাৰ আছে ৷ সেয়ে বৰাই ৰজহুৱাভাৱে ক্ষমা নুখুজিলে আগন্তুক দিনত যি কোনো পৰিস্থি সন্মুখীন হ’বলৈ সাজু থাকক ৷’’ এই মন্তব্য টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলেৰ ৷
লগতে পঢ়ক:Bhupen Bora controversy: ৰিবি গাচেং ভৰিৰে গচকি বিপাঙত পৰিল কংগ্ৰেছ সভাপতি ভূপেন বৰা