অসম

assam

By

Published : Dec 30, 2022, 7:31 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / videos

Bike lifter arrested: মঙলদৈ আৰক্ষীৰ অভিযানত জব্দ 7 খন দুচকীয়া বাহন

মঙলদৈ আৰক্ষীৰ সফলতা ৷ বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে জব্দ কৰে 3 খন স্কুটী আৰু 3 খন চুৰি মটৰ চাইকেল ৷ শুকুৰবাৰে এক সংবাদমেলযোগে মঙলদৈৰ অতিৰিক্ত আৰক্ষী বিষয়া নিৰুপম হাজৰিকাই উল্লেখ কৰে যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মঙলদৈ সদৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা দৰঙৰ ঔতলা, বেচিমাৰি আৰু জাবৰিকুচিত চলাই এক অভিযান ৷ এই অভিযানতে মঙলদৈ সদৰ আৰক্ষীয়ে (Mangaldoi Sadar Police) জব্দ কৰে কেবাখনো চোৰাং গাড়ী ৷ ইয়াৰে 5 খন বাহন চুৰি হোৱাৰ গোচৰ গুৱাহাটীৰ ভাঙাগড়, পল্টনবজাৰ আৰু পানবজাৰ থানাত ৰুজু হৈ আছে ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত দুজন লোকক আটক কৰিছে (Bike thefts arrested at Mangaldoi in Darrang) ৷ আটকাধীন কেইজন হৈছে বেচিমাৰিৰ ইনামুল হক (27) আৰু জাপৰিকুচিৰ গনিৰুদ্দিন আহমেদ (৩৩) ৷ ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details