Assam Bihu Guinness book of world record: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈ উঠিছে টীয়কৰ নাচনীও - guinness book of worls record
টীয়ক, 29 মাৰ্চ :চৰকাৰৰ পৃষ্ঠপোষকতাত অহা 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই খেলপথাৰত বিহু নাচেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে আয়োজিত বিহুৰ আখৰা আজিৰ পৰা টীয়কত আৰম্ভ হৈছে । উল্লেখযোগ্য যে, উক্ত দিনা অসমীয়াৰ বাপতি সাহোন বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে অসম চৰকাৰে এঘাৰ হাজাৰ নাচনী বিহুৱাই একেলগে বিহু মাৰি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ প্ৰস্তুতি চলাইছে (Assam Bihu Guinness book of world record) । তাৰ অংশস্বৰূপে টীয়ক সমষ্টিৰ পৰা প্ৰায় দুশ গৰাকী নাচনী ঢুলীয়াক আজিৰে পৰা চৰকাৰীভাৱে অনুমোদন পোৱা প্ৰশিক্ষকৰদ্বাৰা টীয়ক হাইস্কুলৰ খেলপথাৰত অনুশীলনৰ ব্যৱস্থা কৰা হৈছে আৰু আগন্তুক পাঁচটাকৈ দিন প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে (Bihu dance workshop) ।
উক্ত প্ৰশিক্ষণ শিবিৰত টীয়ক ৰাজহ চক্ৰ বিষয়াৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰাৰ লগতে আখৰাৰ সময়ত যেন কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও উচিত ব্যৱস্থা গ্ৰহণ কৰিছে । ইপিনে ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়া উক্ত আখৰা শিবিৰত মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি নৱ প্ৰজন্মৰ এই উৎসাহ দেখি আপ্লুত হৈ পৰিছে (Bihu dance workshop across Assam) । লগতে চৰকাৰে বিহুক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি আদৰণীয় বুলি অভিহিত কৰিছে ।
ঢোলৰ ওজা গৰাকীয়ে লগতে ক্ষোভ প্ৰকাশ কৰি কয় যে সময়ে সময়ে ঢোলৰ ওজাকে ধৰি লোক শিল্পীৰ সাধক সকলক বিহুৰ বতৰতো বিহু উদযাপন সমিতিসমূহে বিশেষ গুৰুত্ব প্ৰদান নকৰে, যাৰ ফলত বহু সময়ত তেওঁলোক উপেক্ষিত হৈ ৰয় ৷ এই ক্ষেত্ৰত চৰকাৰ তথা বিহু উদযাপন সমিতিসমূহে বিহুৰ লগতে লোকশিল্পৰ সৈতে জড়িত শিল্পীসকলক প্ৰকৃত মৰ্যদা প্ৰদান কৰিবলৈ ইতিবাচক উদ্যোগ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে ।
লগতে পঢ়ক :Bihu dance and Dhol badan workshop: মৰাণত কান্ধত ঢোল লৈ মন্ত্ৰী যোগেন মহনে নচুৱালে নাচনী