অসম

assam

Amritpal Singh viral video

By

Published : Apr 23, 2023, 11:23 AM IST

Updated : Apr 23, 2023, 12:15 PM IST

ETV Bharat / videos

Amritpal Singh viral video: আত্মসৰ্মপণৰ পূৰ্বে শিখ যুৱ প্ৰজন্মক উদ্দ্যেশি কি ক’লে অমৃতপাল সিঙে ?

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল : প্ৰায় এমাহৰো অধিক দিনৰ অন্তত পঞ্জাৱ আৰক্ষীৰ হাতত ধৰা দিয়ে ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপল সিঙে । আত্মসৰ্মপণৰ পূৰ্বে অমৃতপল সিঙে ৰ’ডে গাঁৱৰ এক গুৰুদ্বাৰত উপস্থিত আছিল । উক্ত সময়চোৱাত উপস্থিত লোকক সম্বোধি সিঙে ভাষণ দি থকাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে ৷ উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পিচতে পঞ্জাৱ আৰক্ষীয়ে অমৃতপালক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে (Amritpal Singh surrenders)

গ্ৰেপ্তাৰৰ পূৰ্বে উপস্থিত লোকক উদ্দেশ্যি সিঙে কয়: আজি আমি সকলোৱে একে সময়তে এক গুৰুত্বপূৰ্ণ অৱস্থানত একগোট হৈছো ৷ সিং ভীন্দ্ৰনৱালেৰ জন্ম হোৱা ঠাইখনত কাৰাবন্দী হৈ পৰিছে মোৰ পাগুৰিটো (Viral video before Amritpal Singh surrenders)  ৷

শিখ যুৱক-যুৱতীৰ বিৰুদ্ধে চৰকাৰৰ অপৰাধ : অমৃতপল সিঙে কয় যে যোৱা এমাহ ধৰি কি হৈছে সেয়া আপোনালোকে দেখিছে । তেওঁ পুনৰ কয় যে আপুনি দেখিছে যে এমাহ ধৰি চৰকাৰে শিখ যুৱক-যুৱতীৰ ওপৰত অত্যাচাৰ চলায় আছে, যিয়ে উদঙাই দিছে চৰকাৰৰ প্ৰকৃত স্বৰূপ । অমৃতপালে পুনৰ কয় যে প্ৰশ্নটো কেৱল গ্ৰেপ্তাৰৰ নহয়, যদি কেৱল গ্ৰেপ্তাৰ হ’লহেঁতেন তেন্তে গ্ৰেপ্তাৰৰ বহু উপায় আছে (Punjab Dey chief Amritpal Singh at Gurudwara) ৷ 

গ্ৰেপ্তাৰ শেষ নহয়, আৰম্ভণিহে : তেওঁলোকে কৈছিল যে আমাৰ ওপৰত ভুৱা কাগজ-পত্ৰ জাপি দিয়া হ’ব । অমৃতপালে উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই সকলোবোৰ সম্ভৱ হৈছে আপোনালোকৰ সহযোগতহে । এই গ্ৰেপ্তাৰ শেষ নহয়, আৰম্ভণিহে বুলি কয় সিঙে ।

যুৱক-যুৱতীলৈ আহ্বান :অমৃতপালে অমৃত সঞ্চাৰৰ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব লাগে বুলি যুৱক-যুৱতীসকলক আহ্বান জনায় ৷  প্ৰতিগৰাকী যুৱকে অমৃত চক সিং সজ্জনাৰ সৈতে জীৱন কটাব লাগে বুলি কয় অমৃতপালে ।

লগতে পঢ়ক :Amritpal surrenders: অৱশেষত শিৰনত কৰিলে অমৃতপালে; ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ সম্ভাৱনা

Last Updated : Apr 23, 2023, 12:15 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details