হোটেলে হোটেলে মুকলিকৈ ক’ত বিক্ৰী হৈছে গো মাংস - গো সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন
Published : Dec 7, 2023, 12:04 PM IST
জোনাই, ৭ ডিচেম্বৰ :যি সময়ত চৰকাৰে গো-সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ সমান্তৰালকৈ গো-মাংস বিক্ৰীৰ ক্ষেত্ৰতো কঠোৰ হৈছে, তেনে সময়তে চৰকাৰৰ কঠোৰ আইন ভৰিৰে মোহাৰি সামৰি অসাধু ব্যৱসায়ীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাই নিছে গো-মাংসৰ ৰমৰমীয়া ব্যৱসায় ৷ ধেমাজি জিলাৰ চিলাপথাৰ নগৰৰ বিভিন্ন হোটেলে হোটেলে মুকলিকৈ অবৈধ গৰু মাংস বিক্ৰীৰ অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে চৰকাৰলৈ আহ্বান জনাইছে ।
চৰকাৰৰ কঠোৰ আইনকো কেৰেপ নকৰি কাৰ ছত্ৰছায়াত এই অসাধু ব্যৱসায়ীয়ে চলাই আহিছে গো-মাংসৰ মুকলি বেহা, ইয়াকে লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ! অতি শীঘ্ৰে চৰকাৰ তথা আৰক্ষী প্ৰশাসনক মুকলিকৈ গৰু মাংস বিক্ৰী কৰা হোটেলসমূহক বন্ধৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ৷
লগতে পঢ়ক :Beef sale in Barpeta: বৰপেটাত হোটেল-ৰেষ্টুৰেন্টত মুকলিকৈ বিক্ৰী গো-মাংস