অসম

assam

নাৰেঙ্গী ক্ৰীড়া সন্থাৰ খেলপথাৰত বাথৌ মহোৎসৱ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:33 PM IST

ETV Bharat / videos

Bathou Festival at Guwahati:পাথৰকুঁৱেৰীত বাথৌ মহোৎসৱৰ সামৰণি

গুৱাহাটী, ১৬ অক্টোবৰ:গুৱাহাটী মহানগৰীৰ পাথৰকুঁৱেৰীস্থিত নাৰেঙ্গী ক্ৰীড়া সন্থাৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাথৌ মহোৎসৱৰ দেওবাৰে সামৰণি পৰে । সদৌ গুৱাহাটী জিলা বাথৌ মহাসভাৰ উদ্যোগত অনুষ্ঠিত ত্ৰি বাৰ্ষিক পঞ্চম অধিবেশনৰ প্ৰথম দিনা কমিটীৰ সংবিধান অনুসৰি পুৰণি কমিটী ভংগ কৰি নতুনকৈ ১৫ জনীয়া এখন পূৰ্ণাঙ্গ কমিটী গঠন কৰা হয় । আগন্তুক তিনি বছৰলৈ উক্ত নৱ নিৰ্বাচিত কমিটীখনে দায়িত্ব গ্ৰহণ কৰে ।

ইফালে,অধিবেশনৰ অন্তিম দিনা অৰ্থাৎ দেওবাৰে পুৱা বাথৌ মহাসভাৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছত স্মৃতিচাৰণ,সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হয় । দিনৰ ভাগত " আত্মা-পৰাত্মা" শীৰ্ষক বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । সন্ধিয়াৰ ভাগত মুকলি অধিৱেশন আৰু নিশা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰে বাথৌ মহোৎসৱৰ সামৰণি পৰে ।

লগতে পঢ়ক:Navratri Health Tips: আপুনি নৱৰাত্ৰিত ব্ৰত পালন কৰিছে নেকি ? তেন্তে নকৰিব এই ৪টা ভুল!

ABOUT THE AUTHOR

...view details