অসম

assam

উদ্বোধন কৰা হ’ল শ্ৰী শ্ৰী পঞ্চকন্যা ধামৰ নৱনিৰ্মিত গৃহ

ETV Bharat / videos

Basistha Panchakanya:উদ্বোধন কৰা হ’ল শ্ৰী শ্ৰী পঞ্চকন্যা ধামৰ নৱনিৰ্মিত গৃহ - সুমন হৰিপ্ৰিয়া

By

Published : Jul 4, 2023, 4:33 PM IST

গুৱাহাটী,৪ জুলাই:মঙলবাৰে বশিষ্ঠত আনুষ্ঠানিকভাবে উদ্বোধন কৰা হ’ল শ্ৰী শ্ৰী পঞ্চকন্যা ধামৰ নৱনিৰ্মিত গৃহ ৷ লগতে উন্মোচন কৰা হয় শ্ৰী শ্ৰী পঞ্চকন্যা ধামৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ এক প্ৰতিমূৰ্তি । মন্দিৰ গৃহৰ লগতে প্ৰতিমূৰ্তি উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে। লগতে উপস্থিত থাকে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া । মঙলবাৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে পঞ্চকন্যা ধামত ।

উল্লেখ্য যে শ্ৰী শ্ৰী পঞ্চকন্যা ধামৰ নৱনিৰ্মিত গৃহ উদ্বোধন কৰাৰ কথা আছিল মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু উপ-ৰাষ্ট্ৰপতি অসম ভ্ৰমণলৈ অহা বাবে উক্ত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী গৰাকী ৷ ১৯৬৮ চনতেই শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজে প্ৰতিষ্ঠা কৰিছিল এই পঞ্চকন্যা ধাম । আনহাতে প্ৰতি বছৰৰ দৰে এইবাৰো দেওবাৰৰ পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে ৰুদ্ৰযজ্ঞ ৷ ৰুদ্ৰযজ্ঞৰ পূৰ্ণাহুতি হ’ব ৭ জুলাইত । এই যজ্ঞতে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ভীমাশংকৰ জ্যোতিৰ্লিংগৰ ৰুদ্ৰাঅভিষেক, নৱগ্ৰহৰ পূজাৰ লগতে কুমাৰী পূজা ।

লগতে পঢ়ক:Vice President in Guwahati : গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উষ্ম আদৰণি 

ABOUT THE AUTHOR

...view details