অসম

assam

মৰিগাঁও জিলা আৰক্ষী অধীক্ষক

ETV Bharat / videos

ছদ্মনাম লৈ লাহৰীঘাট সমষ্টিৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত বাংলাদেশী আটক

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 4:58 PM IST

মৰিগাঁও, ৩১ডিচেম্বৰ:মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দক্ষিণ চেনিমাৰীত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে বাংলাদেশী মণ্ডল ইছলাম আৰু এটি ১৩ বছৰীয়া কিশোৰক । দুয়োজনৰ ঘৰ বাংলাদেশৰ ম‌ইমনচিং জিলাৰ কামুদখালি গাঁৱত বুলি আৰক্ষী সূত্ৰে উল্লেখ কৰিছে । মণ্ডল ইছলাম নামৰ ধৃত বাংলাদেশীজনে নুৰ ইছলাম হিচাপে ছদ্মনাম লৈ অসমৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল ।  

এই ঘটনা সন্দৰ্ভত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মণ্ডল ইছলাম নামৰ ধৃত বাংলাদেশীজনে অসমলৈ আহি লাহৰীঘাট সমষ্টিৰ দক্ষিণ চেনিমাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটদান কৰাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে । ইয়াৰ উপৰি পাছপ'ৰ্ট আৰু ভোটাৰ তালিকাত উল্লেখ থকা বয়সৰ কোনোধৰণৰ মিল নাই বুলি কয় জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাং বেহা, আৰক্ষীৰ জালত সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details