Karam Puja as govt holiday : কৰম পূজাৰ চৰ্তবিহীন বন্ধ ঘোষণা কৰাৰ পাছতেই ডিব্ৰুগড়ত চাহ শ্ৰমিকৰ আনন্দৰ জোৱাৰ - Tea Garden workers thanks the Chief Minister
Published : Sep 23, 2023, 8:22 PM IST
ডিব্ৰুগড়, 23 ছেপ্টেম্বৰ : চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ কৰম পৰৱত চৰকাৰী বন্ধৰ নামত পেইড হলিডে ঘোষণা কৰাক লৈ ৰাজ্যৰ বাগিচাই বাগিচাই প্ৰতিবাদ সাব্যস্ত কৰিছিল চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ দল- সংগঠনে ৷ আনকি ২৫ ছেপ্টেম্বৰত বাগিচাই বাগিচাই মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছিল আটছাই ৷
কিন্তু চাহ শ্ৰমিক আৰু অসম চাহ জনজাতি ছাত্র সন্থাৰ ধাৰাবাহিক প্ৰতিবাদৰ অন্তত অৱশেষত কৰম পূজাত চৰ্তবিহীন চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ল ৰাজ্য চৰকাৰ ৷ অৱশেষত চাহ শ্ৰমিক ৰাইজৰ প্ৰতিবাদত সেও মানি পুনৰ নতুনকৈ জাৰি কৰা জাননীত কৰম পূজাত চৰ্তবিহীন চৰকাৰী বন্ধ ঘোষণা কৰে ৷ ইয়াকে লৈ শনিবাৰে ডিব্ৰুগড়ৰ টেমটৌ চাহ বাগিচাত দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ ৷
মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰি আপোন পাহৰা হৈ পৰিছে টেমটৌ বাগিচাৰ শ শ শ্ৰমিক ৷ ঝুমুৰ নৃত্যত অংশ ল'লে আটছাৰ কেন্দ্ৰীয় নেতা বসন্ত কুৰ্মী, ডিব্ৰুগড় শাখাৰ সম্পাদক সুনীল পাতৰকে ধৰি বহুকেইজন নেতাই ৷ চৰকাৰৰ সিদ্বান্তক আদৰণি জনোৱাৰ লগতে চৰকাৰক কৃতজ্ঞতা জনালে আটছাৰ নেতৃত্বই ৷