অসম

assam

By

Published : Nov 1, 2022, 1:59 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Attack took place in Kalgachia: কলগাছিয়াত পুৰণা শত্ৰুতাক কেন্দ্ৰ কৰি আক্ৰমণ, আহত দুই ভাতৃ

কলগাছিয়াৰ লাচাংগা গাঁৱত পুৰণা শত্ৰুতাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট । মাৰপিটত আহত দুজন লোক । ঘটনাৰ বিৱৰণী অনুসৰি, বিগত তিনিমাহ পূৰ্বে লাচাংগা গাঁৱৰ ফজল হক নামৰ যুৱকজনৰ ব্ৰইলাৰ মুৰ্গীৰ দোকানৰ পৰা এটা মুৰ্গী বাকীত লৈছিল একে গাঁৱৰে হাইদৰ আলীৰ সৰু ভাতৃয়ে । পিছত বাকীত লোৱা মুৰ্গীৰ টকা বিচাৰোচেই দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ সূত্ৰপাত ৷ কাজিয়াৰ ফলস্বৰূপে ফজল হকে যুৱকজনক প্ৰহাৰ কৰিছিল । সেই পূৰ্বৰ শত্ৰুতাক কেন্দ্ৰ কৰি আজি লাচাংগা বজাৰৰ চাৰিআলিত ফজল হক উপস্থিত হোৱাৰ সময়তে পিছফালৰ পৰা হাইদৰ আলী আৰু আবুলে বাঁহৰে লাঠিৰে কোবাই কোবাই গুৰুত্বৰভাবে আহত কৰে ফজল হকক (Attack took place in Kalgachia) । ইফালে ফজল হকৰ ভাতৃয়ে কাজিয়া ৰখাবলৈ লওতেই ভাতৃকো আক্ৰমণ কৰে হাইদৰ আলী আৰু আবুলে ৷ পিছত দুয়োকে ততাতৈয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । ইতিমধ্যে ভুক্তভোগীয়ে থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব দিয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details