অসম

assam

লাডাখলৈ বাইকেৰে যাত্ৰা এজন যুৱকৰ

ETV Bharat / videos

Awareness about Environmental Protection:সৰুপথাৰৰ পৰা লাডাখলৈ বাইকেৰে যাত্ৰা এজন যুৱকৰ

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:54 PM IST

সৰুপথাৰ, 4 ছেপ্টেম্বৰ :পৰিৱেশ সংৰক্ষণক লৈ সজাগ হৈ পৰিছে নৱ-প্ৰজন্ম ৷ বৰ্তমান সময়ত উদণ্ড হিচাপে পৰিচিত প্ৰজন্মটোৰ বহুতেই কিন্তু নিজাববীয়াকৈ বহু পদক্ষেপ হাতত লৈছে পৰিৱেশ সংৰক্ষণক লৈ ৷ প্ৰচাৰৰ লগে লগে তেনে যুৱচামক উৎসাহ যোগোৱাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে ৷

অসম-নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ উৰিয়ামঘাট বজালবাৰীৰ যুৱক নাজমুল আলীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ অকলশৰে তেওঁ সৰুপথাৰৰ পৰা লাডাখলৈ ভ্ৰমণ কৰিব । বৰ্তমান পৰিৱেশৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰি পৰিৱেশক প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখি এই ভ্ৰমণ তেওঁ কৰিবলৈ ওলাইছে বুলি জনায় ।

উল্লেখ্য যে, নাজমুলে এজোপা বৃক্ষ ৰোপণ কৰি সোমবাৰে পুৱা ১০ বজাত সৰুপথাৰৰ পৰা লাডাখলৈ ভ্ৰমণ আৰম্ভ কৰে । সৰুপথাৰৰ বিশিষ্ট ব্যক্তি আৰু সমাজকৰ্মীসকলে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে । সৰুপথাৰৰ পৰা লাডাখলৈ ভ্ৰমণ কৰা প্ৰথমজন যুৱক আছিল দেওপানীৰ ঋতুৰাজ মহন্ত । আজি নাজমুল আলীক পুৱা ঋতুৰাজ মহন্তই শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Awareness about Environmental Protection:সজাগতা সৃষ্টিৰ লক্ষ্যৰে লাডাখলৈ চাইকেল যাত্ৰা টিংখাঙৰ দুই যুৱকৰ

ABOUT THE AUTHOR

...view details