সপোনৰ পমখেদি বুবুৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা - একাগ্ৰতা আৰু মনোবল
Published : Dec 8, 2023, 2:15 PM IST
|Updated : Dec 8, 2023, 3:51 PM IST
কলিয়াবৰ, 8 ডিচেম্বৰ :‘‘মন কৰিলেই চন, বাকৰি মাটিতে ধন’’ - এই আপ্তবাক্যশাৰী সত্য প্ৰতিফলিত কৰিলে কলিয়াবৰৰ কুঠৰীৰ যুৱক বুবু বৰাই ৷ একাগ্ৰতা আৰু মনোবল থাকিলে মানুহে অসাধ্য কামো সহজে কৰিব পাৰে, তাৰে উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে বুবুৱে ৷
কিয়নো কলিয়াবৰৰ কুঠৰীৰ যুৱক বুবুৱে ঘৰতে নিৰ্মাণ কৰি উলিয়াইছে Autoclaved Aerated Concrete Block ৷ ঘৰুৱা সঁজুলিৰে এই কংক্ৰিট ইটাবিধ নিৰ্মাণ কৰি উলিয়াইছে কুঠৰীৰ বুবু বৰাই । প্ৰথমে নিজৰ কামত ব্যৱহাৰৰ বাবে এই ব্লক নিৰ্মাণ কৰিছিল বুবুয়ে ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত ইয়াক ব্যৱসায়ৰ হিচাবে লৈ কাম কৰি গৈছে বুবুৱে ।
উল্লেখ্য যে, যি সময়ত লক্ষ লক্ষ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে, তেনে সময়তে বুবুৰ আত্মনিৰ্ভৰশীলতাই সমাজলৈ এক শুভবাৰ্তা কঢ়িয়াই আনিছে ।
লগতে পঢ়ক :বাজপেয়ী ভৱন ভৰিব প্ৰাক্তন আছু নেতা-কৰ্মীৰে