অসম

assam

এৰী পলু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিবলৈ মৰিয়নিত উপস্থিত বিদেশী ব্যৱসায়ী

ETV Bharat / videos

Assam silk worm: আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ অসমৰ এৰী পলুৰ

By

Published : Feb 16, 2023, 9:25 PM IST

যোৰহাট, 16 ফেব্ৰুৱাৰী: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে অসমৰ এৰী পলুৱে (Assam silk worm) ৷ অসমৰ এৰী পলু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিবলৈ মৰিয়নিত উপস্থিত বহিঃৰাজ্যৰ লগতে বিদেশী ব্যৱসায়ী ৷ উল্লেখ্য যে, অসমীয়া জাতীয় জীৱনৰ এক অনবদ্য অংগ হৈছে এৰী পলু । অসমীয়া সমাজত পৰম্পৰাগত সাজ পোছাকৰ পৰা খাদ্য সম্ভাৰলৈকে এৰী পলুৱে অসমীয়া সমাজ জীৱন অধিকাৰ কৰি আহিছে ।

সম্পূৰ্ণ জৈৱিকভাৱে পালন কৰা এই এৰী পলুৰ মানদণ্ড অতি উত্তম আৰু দেশৰ লগতে বিদেশত এৰী পলুৰ মৰ্যাদা আৰু পৰিচয় সুকীয়া । যাৰ বাবে অসমৰ উক্ত এৰী পলুৱে বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱাত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী সকল অসমলৈ ঢাপলি মেলিছে (Silk worm)।

তাপৰ্যপূৰ্ণ যে, যি সময়ত বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ চীনত সূতা উৎপন্ন কৰিব পৰা পলুসমূহ অ-জৈৱিক পদ্ধতিৰে পোহপাল দি ব্যৱসায় কৰি আহিছে, সেই সময়ছোৱাত অসমত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এৰি পলু পোহপাল দিয়া কাৰ্যই দৃষ্টি আকৰ্ষণ কৰিছে বহিঃৰাজ্যৰ লগতে বিদেশৰ ব্যৱসায়ীকো । সেয়েহে জৈৱিক পদ্ধতিৰে পোহপাল দিয়া এৰী পলুৰ সন্ধানত যোৰহাটৰ মৰিয়নিত উপস্থিত হৈছে এটি বিদেশী ব্যৱসায়িক দল (Assam silk worm occupying international market) ।

এই বিদেশী ব্যৱসায়ীৰ দলটোৱে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১০০ গৰাকী এৰি পলু পালকৰ লগত চুক্তিবদ্ধ হৈ ব্যৱসায় কৰিবৰ বাবে যা-যোগাৰ আৰম্ভ কৰিছে । তেওঁলোকে জৈৱ বৈচিত্ৰৰে ভৰপূৰ মৰিয়নিৰ সীমামূৰীয়া অঞ্চলৰ এৰী পলু পালকসকলৰ পৰা ক্ৰয় কৰা পলু বিদেশৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰি বিদেশী বজাৰ দখল কৰাৰ পৰিকল্পনা কৰিছে (Jorhat Silk worm occupying international market) ।  

উল্লেখ্য যে, অসমৰ এৰি পলু বিদেশী ব্যৱসায়সকলৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ পিচতেই অসমৰ পলু পালকসকলৰ মাজত বিগত সময়ছোৱাত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক:World Bank Team visit Assam: ৰঙিয়াৰ মহিলা কৃষকৰ শলাগ ল’লে ৱৰ্ল্ড বেংকৰ আঞ্চলিক সঞ্চালক চিচিল ফ্ৰ’মেনে

ABOUT THE AUTHOR

...view details