তিনিচুকীয়াত বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ
Published : Nov 27, 2023, 3:31 PM IST
তিনিচুকীয়া, ২৭ নৱেম্বৰ: তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ টাকৈ গাঁও পঞ্চায়তত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হোৱা খেল মহাৰণ কাৰ্সূযচীৰ ইতিমধ্যে সামৰণি পৰিছে ৷ সোমবাৰৰ পৰা তিনিচুকীয়াৰ কচুজান খেলপথাৰত অনুষ্ঠিত হৈছে তিনিচুকীয়া বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ ৷ এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷
মন্ত্ৰীগৰাকীয়ে খেল মহাৰণ উদ্বোধন কৰাৰ পাছতে সমষ্টিটোৰ ৯ টাকৈ পঞ্চায়তৰ খেলুৱৈসকলে কাবাডী, ভলীবল, দৌৰ, ফুটবলকে আদি কৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ এই তিনিচুকীয়া বিধানসভা সমষ্টিৰ খেলা সম্পূৰ্ণ হোৱাৰ পাচত ৰাজ্যিক ভিত্তিত খেলিবৰ বাবে এটা দল নিৰ্বাচন কৰি প্ৰেৰণ কৰা হ’ব ৷ এই ক্ৰীড়া মহাৰণ কাৰ্যসূচীৰ জৰিয়তে গাঁৱে-ভূঞে লুকাই থকা প্ৰতিভাসমূহে ৰাজ্যলৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰেই কামনা কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷ সমান্তৰালভাৱে বিহুৰ লগতে ঝুমুৰেৰে আৰম্ভ কৰা অনুষ্ঠানতত ঝুমুৰ নৃত্যতো অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক:সত্যৰঞ্জন বৰাক ধৰ্মীয় দালাল আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ