অসম

assam

সন্মান হানিকাৰক মন্তব্য নিদিবলৈ জুবিন গাৰ্গক সকিয়নী অজাপৰ মুখপাত্ৰৰ

ETV Bharat / videos

Zubeen Garg slams AJP: কথাত গটা খোৱাৰ দৰেই জুবিনক সকীয়নিসহ সমালোচনা অজাপৰ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 11:51 AM IST

ডিব্ৰুগড়, 29 আগষ্ট : “অসম জাতীয় পৰিষদ এটা ফটুৱা পাৰ্টী”, জুবিন গাৰ্গৰ এই মন্তব্যৰ পিচতে টিংখাঙত জুবিন গাৰ্গক উভতি ধৰিলে অসম জাতীয় পৰিষদে ৷ জুবিন গাৰ্গৰ এনে বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ নেতা তথা কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ শুভাকৰণ কোঁহাঞিয়ে ।

জুবিন গাৰ্গেই অসমত প্ৰথম অসম জাতীয় পৰিষদ গঠনৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা উল্লেখ কৰি সেই দলৰ বিৰুদ্ধে জুবিনে এনে মন্তব্য কৰাটো ফটুৱামি বুলি উল্লেখ কৰে নেতাগৰাকীয়ে । ভৱিষ্যতে অজাপ দলৰ বিৰুদ্ধে এনে সন্মান হানিকাৰক মন্তব্য নিদিবলৈ জুবিন গাৰ্গৰ প্ৰতি আহ্বান জনায় শুভাকৰণ কোঁহাঞিয়ে ৷

উল্লেখযোগ্য যে, সোমাবেৰে কটন মহাবিদ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে অসম জাতীয় পৰিষদ এটা ফটুৱা পাৰ্টী বুলি কৈছিল ৷ ইয়াৰ পাচতে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জুবিন গাৰ্গে শাসক দল বিজেপিৰ কথা মতে অসম জাতীয় পৰিষদক লৈ এইদৰে মন্তব্য কৰা বুলি বহুতে জুবিন গাৰ্গক তীব্ৰ সমালোচনা কৰিছে ।

লগতে পঢ়ক :Chicago south asian film festival:চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ"

ABOUT THE AUTHOR

...view details