Asha workers district conference: নলবাৰীত আশা কৰ্মীৰ জিলা অভিৱৰ্তন - Asha convention 2023
নলবাৰী, 24 মাৰ্চ : স্বাস্থ্য বিভাগৰ অন্যতম অতন্দ্ৰ প্ৰহৰী হিচাপে পৰিচিত আশা কৰ্মীসকলক উৎসাহ জগোৱাৰ উদ্দেশ্যেৰে নলবাৰী নাট্য মন্দিৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় আশা অভিৱৰ্তন অনুষ্ঠান (Asha convention 2023)। অভিৱৰ্তনত জিলাখনৰ শতাধিক আশাকৰ্মী উপস্থিত থাকে । আশা কৰ্মীসকলক তেওঁলোকৰ কৰ্মত আৰু অধিক উৎসাহ জগোৱাৰ উদ্দেশ্য আগত ৰাখি আয়োজিত অভিৱৰ্তনখনত বহুকেইগৰাকী আশা কৰ্মীক বঁটা প্ৰদান কৰা হয় ।
জিলা উপায়ুক্তগৰাকীয়ে প্ৰদান কৰা এই বঁটা প্ৰদান গ্ৰহণ কৰি অধিক উৎসাহী হৈ পৰা বুলি উল্লেখ কৰিলে আশাকৰ্মী সকলে । উল্লেখযোগ্য যে, নিৰ্বাচনকে আদি কৰি চৰকাৰী যিকোনো কাৰ্যসূচীত চৰকাৰে জৰিত কৰে এই আশাকৰ্মী সকলক (Asha Worker) । কেৱল চিকিৎসালয় বা স্বাস্থ্যখণ্ডতেই আশাকৰ্মী সকলে নিজক ব্যস্ত নাৰাখি চৰকাৰী সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰা এইসকল কৰ্মীক সন্মান ও স্বীকৃতি দিয়াৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিখন জিলাতে জিলাভিত্তিক এই অনুষ্ঠানৰ আয়োজিত কৰা হয় ।
বৃহস্পতিবাৰে আয়োজিত এই অভিৱৰ্তনখনিত উপস্থিত থাকে নলবাৰীৰ জিলা উপায়ুক্ত গীতীমণি ফুকনৰ লগতে নলবাৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু বহুকেইগৰাকী চৰকাৰী বিষয়া ৷ অভিৱৰ্তনখনত শ্ৰেষ্ঠ আশা কৰ্মী সকলক বঁটা প্ৰদান কৰে নলবাৰী জিলা উপায়ুক্তকে ধৰি উপস্থিত থকা বিশিষ্ট অতিথি সকলে ৷
লগতে পঢ়ক :Golden jubilee celebration: বৃহত্তৰ নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন