অসম

assam

By

Published : Jan 27, 2023, 3:49 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Hath se Hath Jodo Yatra: জোনাইত কংগ্ৰেছৰ ‘হাত ছে হাত জোড়ো যাত্ৰা’

জোনাই, 27 জানুৱাৰী: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ(Bharat Jodo Yatra) বৃহৎ সফলতাৰ পিচত এইবাৰ সমগ্ৰ দেশজুৰি কংগ্ৰেছে আৰম্ভ কৰিছে ‘হাত ছে হাত জোড়ো যাত্ৰা’(Hath se Hath Jodo Yatra) ৷ উল্লেখ্য যে, 30 জানুৱাৰীত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আনুষ্ঠানিকভাৱে অন্ত পৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ৷ তাৰ পূৰ্বেই অৰ্থাৎ 26 জানুৱাৰীৰ পৰা কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিছে হাত ছে হাত জোড়ো যাত্ৰা ৷  

জোনাইতো কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে ৰূপায়ন কৰা হয় হাত ছে হাত জোড়ো কাৰ্যসূচী(Hath se Hath Jodo Yatra in Jonai) ৷ শতাধিক ব্লক কংগ্ৰেছ কমিটীৰ সদস্য আৰু জিলা কংগ্ৰেছ কমিটীৰ সদস্যৰ উপস্থিতিত আয়োজন কৰা এই অভিযানত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি প্ৰাঞ্জল ঘাটোৱাৰে(Pranjal Ghatowar) ।

জোনাই মহকুমাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰী সকলৰ সৈতে হাতে হাতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ খতিয়ান বিতৰণ কৰাৰ লগতে বিভিন্ন সমস্যাসমূহৰ বিষয়ে অৱগত কৰে । এই অভিযানত জোনাইত উপস্থিত হৈ APCC ৰ উপ-সভাপতি প্ৰাঞ্জল ঘাটোৱাৰে জনতাৰ বিপুল সঁহাৰি পোৱাৰ লগতে আগন্তুক নিৰ্বাচনসমূহত কংগ্ৰেছ দল শাসনলৈ আহিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । ইয়াৰ উপৰিও দেশত চলি থকা ধৰ্মীয় ৰাজনীতিৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় উপ-সভাপতিগৰাকীয়ে ৷

কংগ্ৰেছৰ ‘হাত ছে হাত জোড়ো’ যাত্ৰাৰ মূল লক্ষ্য হৈছে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ কাষলৈ গৈ মোদী চৰকাৰৰ বিফলতা সম্পৰ্কে আৰু বিভিন্ন সমস্যা সম্পৰ্কে সজাগতা সৃষ্টি কৰা ৷ এই যাত্ৰাত প্ৰতিগৰাকী নাগৰিকৰ ঘৰত কংগ্ৰেছে ৰাহুল গান্ধীয়ে লিখা এখন পত্ৰ বিতৰণ কৰাৰ লগতে ‘চাৰ্জ চিট’ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতা কৰি লিখা পত্ৰ বিতৰণ কৰিব ৷  

আগন্তুক 26 মাৰ্চত সামৰণি পৰিব এই ‘হাত ছে হাত জোড়ো যাত্ৰা’ৰ ৷ এই সময়চোৱাত কংগ্ৰেছে 2লাখ 50 হাজাৰ গাঁও পঞ্চায়ত, 6 লাখ গাঁও আৰু 10 লাখ বুথক স্পৰ্শ কৰিব ৷  

লগতে পঢ়ক:Flood in Assam : কেন্দ্ৰৰ পৰা বান সাহায্য আদায় কৰিবলৈ সক্ষম হ‘বনে ৰাজ্য চৰকাৰ ?

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details