অসম

assam

"মোৰ ছোৱালীক যেনেকৈ মাৰিছে, তাক তেনেকৈয়ে শাস্তি প্ৰদান কৰক"- মাতৃ

ETV Bharat / videos

"মোৰ ছোৱালীক যেনেকৈ মাৰিছে, তাক তেনেকৈয়ে শাস্তি প্ৰদান কৰক"- অঞ্জু দৰ্জীৰ মাতৃ

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 3:02 PM IST

গোলাঘাট, 20 নৱেম্বৰ : 10 দিনৰ অন্তত অঞ্জু দৰ্জীৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা মণি খানক আটক। দিছপুৰ আৰক্ষীৰ জালত পলাতক মণি খান। ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰাৰ পিচতেই মণিক বিচাৰি অভিযান ক্ষীপ্ৰতৰ কৰিছিল আৰক্ষীয়ে ৷

ইয়াৰ পিচতে পৰিয়ালটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ এই খবৰ পোৱাৰ পিচতে অঞ্জুৰ পৰিয়ালৰ লোকে মণি খানক উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷ "মোৰ ছোৱালীক যেনেকৈ মাৰিছে, তাক তেনেকৈয়ে শাস্তি প্ৰদান কৰক"...মাতৃয়ে কান্দি কান্দি প্ৰশাসনক এই দাবী উত্থাপন কৰে ৷  
পৰিয়ালটোৱে লগতে কয় যে, যিহেতু মণি খান এজন বিধায়কৰ খুলখালীয়েক বুলি জানিব পৰা গৈছে। তদুপৰি মণি খান যাতে ধন-বাহুবলৰ সুৰুঙাৰে বাচি যাব নোৱাৰে ৷ 

বিধায়কৰ সম্বন্ধীয় হোৱাৰ বাবে আইনৰ পৰা যাতে সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰশাসন তথা অসম চৰকাৰক অনুৰোধ কৰিছে পৰিয়ালটোৱে।

লগতে পঢ়ক:চুৰি কৰা বাইকেৰে বন্ধুক লৈ গৈছিল প্ৰেয়সীক লগ কৰিবলৈ, বশিষ্ঠত পৰিল ধৰা

ABOUT THE AUTHOR

...view details