অসম

assam

Allegation of Irregularities: জাতিগত প্ৰমাণ পত্ৰ অনুমোদনৰ নামত বিসংগতিৰ অভিযোগ

By

Published : Jul 29, 2023, 11:24 AM IST

সংবাদমেল সম্বোধন অনুসূচিত জাতি পৰিষদৰ ৰাজ্যিক সম্পাদকৰ

ধেমাজি, 29 জুলাই : জাতিগত প্ৰমাণ পত্ৰ অনুমোদনৰ নামত আয়ুক্তৰ কাৰ্যালয়ে কাৰ্যালয়ে ব্যাপক বিসংগতিৰ অভিযোগ অসম অনুসূচিত জাতি পৰিষদৰ ৷ অনলাইনযোগে আবেদন কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত জাতিগত প্ৰমাণ পত্ৰ অনুমোদন কৰাৰ নামত চলিছে ব্যাপক বিসংগতি ৷ কোনো লোকক চিনাক্ত নকৰাকৈ অনাসূচিত লোকক জাতিগত প্ৰমান পত্ৰ অনুমোদিত কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম অনুসূচিত জাতি পৰিষদৰ ৰাজ্যিক সম্পাদক দীপাংকৰ হাজৰিকাই ৷  

ধেমাজি বি আৰ আম্বেদকাৰ ভৱনত এক সংবাদমেল সম্বোধন কৰি পৰিষদৰ ৰাজ্যিক সম্পাদক দীপাংকৰ হাজৰিকাই সদৰি কৰা মতে, সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত  উপস্থিত হৈ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে বুজ লয় ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিগত প্ৰমানপত্ৰ সৰলীকৃত কৰিবলৈ গৈ এটা জাতি বিনাশৰ দিশে লৈ যোৱা বুলি অভিযোগ কৰে ৷  অনলাইন যোগে আবেদন কৰা শ শ আবেদন চিনাক্ত কৰা কাৰ্যালয়ৰ সহায়কসকলো এই ক্ষেত্ৰত পৰিছে বিমোৰত ৷

সেয়ে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জিলাসমূহৰ সংশ্লিষ্ট সভাপতি আৰু সম্পাদকে চিনাক্ত কৰাৰ পিছতহে জাতিগত প্ৰমাণ পত্ৰ অনুমোদন দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে ৷ লগতে ধেমাজি জিলাখনৰ দীৰ্ঘদিনীয়া বান সমস্যা বিজ্ঞান সন্মতভাৱে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে  ৷

লগতে পঢ়ক :Indradhanush Gas Grid Limited: ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ কৰ্মকাণ্ডৰ বাবে তিতাবৰত নষ্ট হাজাৰ হাজাৰ বিঘা কৃষিভূমি

ABOUT THE AUTHOR

...view details