Prize money Panja in Jorhat: ভাল প্ৰশিক্ষক নাথাকিলে উজ্বলি উঠিব নোৱাৰি; অভিজিত বৰুৱা - Guinness World Records
Published : Sep 3, 2023, 7:13 PM IST
যোৰহাট, ৩ ছেপ্তেম্বৰ: "বিভিন্ন স্তৰৰ খেলৰ জৰিয়তে এজন খৈলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলসমূহত জিলিকি উঠিব । এজন খৈলুৱৈক যেতিয়া উন্নতমানৰ প্ৰশিক্ষক প্ৰদান কৰিব তেতিয়া তেওঁ নিশ্চয় সফল হ'ব । প্ৰতিভা যিমানেই নাথাকক কিয় ভাল প্ৰশিক্ষক আৰু খাদ্য নাথাকিলে আমি কেতিয়াও উজ্বলি উঠিব নোৱাৰিম ।" এই মন্তব্য় আন্তঃৰাষ্ট্ৰীয় প্ৰফেছনেল বক্সাৰ অভিজিত বৰুৱাৰ । দেওবাৰে যোৰহাটৰ বাহনা মহাবিদ্যালয়ত অসম ভিত্তিত অনুষ্ঠিত প্ৰাইজমাণি পাঞ্জা খেল উদ্ধোধন কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।
তেওঁ পুনৰ কয় যে এজন খেলুৱৈক প্ৰথমৰ পৰাই যত্ন ল'ব লাগিব । তেতিয়া আমি ভাল প্ৰতিভা সৃষ্টি কৰিব পাৰিম । কাৰণ বিদেশত এজন খৈলুৱৈৰ নামত কোটি টকা খৰচ কৰে । অসমে ক্ৰীড়া ক্ষেত্ৰত আৰু বহু কৰিব লগীয়া আছে বুলি মন্তব্য় কৰে গীণিজ ৱ'ৰ্ল্ড ৰেকৰ্ড সৃষ্টিকাৰীৰ অভিজিত বৰুৱাই ।
আজি অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা অসম প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ অনুপ্ৰেৰণাই ক্ৰীড়া ক্ষেত্ৰত আগৱাঢ়ি যোৱাত খৈলুৱৈসকলক উৎসাহ যোগাব বুলি কয় অভিজিত বৰুৱাই । উল্লেখ্য যে আজি হ'ল অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন ।
ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৰাজ্যত তেওঁৰ জন্ম দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় । আজি যোৰহাট অনুষ্ঠিত এক সামূহিক দৌৰ অনুষ্ঠান মুকলি কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই ।
লগতে পঢ়ক:Inter District Chess Championship: লখিমপুৰত তিনিদিনীয়াকৈ আৰম্ভ সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতা