অসম

assam

Protest at Kahilipara : কাহিলিপাৰাত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ

By

Published : May 8, 2023, 2:02 PM IST

আকৌ প্ৰতিবাদ

গুৱাহাটী, ৮ মে’ : আকৌ প্ৰতিবাদ ৷ সদৌ অসম উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী ( Mid Day Meal Workers Union protest at Kahilipara) । মহানগৰীৰ কাহিলীপাৰাস্থিত মিছন ডায়েৰেক্টৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে পুৱাৰ ভাগতে উপস্থিত হয় মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাসকল ।

ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । অসম চৰকাৰ হায় হায়, আমাৰ দাবী ন্যাৰ্য দাবী, আমাৰ অনাদায় দৰমহা অতি শীঘ্ৰে মোকলাই দিয়ক আদি শ্ল’গান দি ঘেৰাও কৰে মিছন ডায়েৰেক্টৰ কাৰ্যালয় (Protest at Kahilipara)। ফলত আৰক্ষীৰ সৈতে কিছু খণ্ড-যুদ্ধৰো সৃষ্টি হয় ।

উল্লেখযোগ্য যে, বিগত কেবামাহ ধৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাসকলৰ নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে । এই অনাদায় দৰমহা অতি শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :Another mysterious explosion in Punjab : দেওবাৰে পুৱাই বোমা বিস্ফোৰণত কঁপিল পঞ্জাৱ

ABOUT THE AUTHOR

...view details