অসম

assam

Alka Lamba slam Himanta

ETV Bharat / videos

সংস্কাৰ তথা ধৰ্মৰ কথা কোৱাৰ অধিকাৰ নাই অসমৰ মুখ্যমন্ত্ৰীৰ: অলকা লাম্বা - Alka Lamba slam Himanta

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 5:59 PM IST

গুৱাহাটী, ১৭ জানুৱাৰী: ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলক ১২০০ টকা মাহিলি দি মহিলা উন্নয়নৰ জয়গান গায় আছে । আকৌ আনফালে অসমৰ মুখ্যমন্ত্ৰী পত্নীয়ে কোটি কোটি টকা আদায় কৰি আছে ।’’ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাই এই মন্তব্য কৰে ।

তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ অন্তৰ আত্মাৰ প্ৰতি দৃষ্টি দিয়া উচিত । যিগৰাকী মুখ্যমন্ত্ৰীয়ে সংস্কাৰী নহয়, নিজ ধৰ্ম পালন নকৰে, তেওঁ সংস্কাৰ আৰু ধৰ্মৰ কথা কোৱাৰ অধিকাৰ নাই । লাম্বাই লগতে কয় যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবে তেওঁ নিজৰ কাৰ্যসূচী বাতিল কৰাৰ কোনো প্ৰয়োজন নাছিল ৷ তেওঁৰ অনুষ্ঠানলৈ মহিলাসকল নাযাব বুলি ভাবিয়েই এইদৰে কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হৈছে অসমৰ মুখ্যমন্ত্ৰী ৷ 

প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ স্বাধীনতা দিৱসত আজাদী কা অমৃত মহোৎসৱৰ কথা কোৱাৰ দিনাই গুজৰাটত ১১ জনকৈ বলাৎকাৰীক মুকলি কৰি দিয়া হ'ল বুলি ক্ষোভ প্ৰকাশ কৰি অলকা লাম্বাই কয়, ৩৩ শতাংশ মহিলা সংৰক্ষণৰ বিধেয়ক গৃহীত কৰিও চৰকাৰে সঠিক ৰূপত বিধেয়কখন প্ৰয়োগ কৰিব নোৱাৰিলে । কৃষকৰ বাবেও একো কৰিব নোৱাৰিলে মোদী চৰকাৰে । 

অসমত চৰকাৰে ভাৰত জোড়ো ন্যায় যাত্রা প্ৰতিহত কৰিবলৈ শক্তি প্ৰয়োগ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, চৰকাৰে যিমানে বাধা দিব কংগ্রেছে ৰাইজক লগত লৈ দুগুণ শক্তিৰে ন্যায় যাত্রাত জঁপিয়াই পৰিব । তেওঁ লগতে কয় যে অসমত মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আজিও তদন্ত ভালকৈ হোৱা নাই । জোনমণি ৰাভাৰ পৰিয়ালে আজিও ন্যায় পোৱা নাই ।

লগতে পঢ়ক:ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ ভীতিগ্ৰস্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী: অলকা লাম্বা

ABOUT THE AUTHOR

...view details