Price Hike in Assam: চৰা দাম ! নলবাৰীত যোগান বিভাগৰ শ্মশান যাত্ৰা উলিয়ালে যুৱ ছাত্ৰ পৰিষদে
নলবাৰী, ৬ জুলাই: ৰাজ্যত দামবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ খাটি খোৱা জনতাক ৷ বজাৰত সকলো সামগ্ৰীৰে অত্যাধিক দামবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ কিন্ত ইমানৰ পিচতো কাণসাৰ নাই যোগান মন্ত্ৰীৰ । যোগান বিভাগৰ অনিয়ন্ত্ৰণত বজাৰত প্ৰতিবিধ পাচলিকে ধৰি সকলো সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধি ।
এসাজ খাবলৈ দৰিদ্ৰ জনতাই এতিয়া বজাৰলৈ গৈ চৰা দামৰ বাবে খালী মোনাৰে উভতিব লগা হোৱাত ৰাজ্যৰ যোগান মন্ত্ৰীজনে বিভিন্ন সময়ত দায় সৰা মন্তব্য প্ৰদান কৰি আহিছিল । বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে দামবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা অসম চৰকাৰৰ যোগান বিভাগৰ শ্মশান যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে সংগঠনটোৰ জিলা কাৰ্যালয়ৰ পৰা এন টি ৰোডেৰে এক শ্মশান যাত্ৰা বাহিৰ কৰে ৷ অতিশীঘ্ৰে ৰাজ্যৰ যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দামবৃদ্ধি ৰোধ কৰিবলৈ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ ।
লগতে পঢ়ক:CM Himanta Biswa Sarma: তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ