AJYCP protest:ৰেলৱে দলঙৰ তলেদি অবৈধ পথ নিৰ্মাণ কৰি চোৰাংকৈ শিল বালি সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
Published : Aug 29, 2023, 5:57 PM IST
জোনাই, ২৯ আগষ্ট : ধেমাজিৰ চিমেন চাপৰিত ৰেলৱে দলঙৰ তলেদি অবৈধ পথ নিৰ্মাণ কৰি চোৰাংকৈ শিল বালি সৰবৰাহ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে AJYCP য়ে ।
চেৰেণ নৈৰ ওপৰত থকা ৰেলৱে দলঙৰ তলেদি বহু দিনৰ পৰা এটা মাফিয়া চক্ৰই অবৈধভাৱে পথ নিৰ্মাণ কৰি চলাই গৈছে শিল বালিৰ চোৰাং বেহা । যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে ভুগিবলগীয়া হৈছে যমৰ যাতনা ।
সীমান্তত থকা অৰুণাচলৰ শিল বালিৰ কুঁৱেৰীৰ পৰা দৈনিক নথি-পত্ৰ অবিহনেই এই চোৰাং পথেটোৰেই চক্ৰটোৱে চলাই আহিছে শিল বালিৰ ছিণ্ডিকেট । বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক পথটো বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰুত্ব নিদিয়াত মঙলবাৰে AJYCP য়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দুই শতাধিক ৰাইজে চিমেন চাপৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মানৱ শৃংখলৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদী সকলে অবৈধ খনন বন্ধ কৰক, চেৰেণৰ তলেদি অবৈধ পথ বন্ধ কৰক, মাফিয়াৰ মইমতালি নচলিব, AJYCP জিন্দাবাদ, শিল বালিৰ ছিণ্ডিকেট বন্ধ হ’ব লাগিব, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । শীঘ্ৰেই প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিছে সংগঠনটোৱে ।