AJYCP Protest: যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে বগীবিলত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
ডিব্ৰুগড়, 23 জুলাই :ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক ৷ প্ৰতিবাদমুখৰ পৈ পৰিছে মূল্যবৃদ্ধিত জুৰুলা হৈ পৰা সাধাৰণ ৰাইজ ৷
সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবীত শনিবাৰে বগীবিলত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৷ যুৱ-ছাত্ৰ পৰিষদৰ বৰবৰুৱা আঞ্চলিক সমিতিয়ে বগীবিলৰ 52 নং (বি) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰা পিছতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কোনো কানসাৰ নিদিয়াক লৈ যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ সেয়েহে অতি শীঘ্ৰেই সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে পৰিষদে আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক :AASU Protest: ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা