AJYCP protest in Guwahati : মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ দাবী AJYCP ৰ প্ৰতিবাদ
গুৱাহাটী, ২৪ মাৰ্চ :আকৌ প্ৰতিবাদ ৷ অশোক সিংঘাল হায় হায়, কৃত্ৰিম বানপানী ৰোধ কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানত উত্তাল হ’ল মহানগৰীৰ ৰাজপথ ৷ মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ লগতে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোস্বামী চাৰ্ভিচত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ (AJYCP protest in Guwahati) ৷
কেৱল প্ৰতিবাদ কৰাই নহয়, প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতে দাহ কৰে মহানগৰৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিকৃতি (Minister Ashok Singhal Effigy burn) ৷ সংবাদ মাধ্যমৰ আগত AJYCP ৰ মহানগৰ সমিতিৰ সম্পাদক সুকুমাৰ বৰ্মনে কয়, ‘‘অকল পথত ৰং কৰিলে উন্নয়ন নহয় । হেলিকপ্টাৰেৰে মহানগৰ পৰিদৰ্শন কৰিলে নহ’ব, স্থলপথেৰে মন্ত্ৰী অশোক সিংঘালে মহানগৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লওক’’ ।
লগতে তেওঁ কয়, ‘‘বছৰ বছৰ ধৰি খোৱাপানী যোগানৰ নামত চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে দিলে । কিন্তু বাস্তৱত সেয়া একোৱেই নহ’ল । খোৱাপানী এটুপিৰ বাবে গুৱাহাটীবাসীয়ে হাহাকাৰ কৰিব লগীয়া হৈ আহিছে’’ ।
লগতে পঢ়ক :Vayu Prahar Multi Domain Exercise: ভাৰতীয় সেনা আৰু বায়ু সেনাৰ যৌথ 'বায়ু প্ৰহৰ' আখৰা