New Medical Colleges in Assam; ৰাজ্যৰ অধিক শিক্ষাৰ্থীয়ে লাভ কৰিব চিকিৎসা বিজ্ঞান পঢ়াৰ সুবিধা: কেশৱ মহন্ত
কলিয়াবৰ, 11 জুন :চলিত বৰ্ষৰে পৰা নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ত শিক্ষাবৰ্ষ আৰম্ভ হ’ব । এতিয়াৰে পৰা ৰাজ্যৰ অধিক শিক্ষাৰ্থীয়ে লাভ কৰিব চিকিৎসা বিজ্ঞান পঢ়াৰ সুবিধা । নতুন চিকিৎসা মহাবিদ্যালয়ত তিনিশ ছাত্ৰই অধ্যয়ন কৰিব পাৰিব । শনিবাৰে বিয়লি কলিয়াবৰৰ এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister comment on New Medical Colleges)।
সাংবাদিকৰ আগত তেওঁ কয়, ‘‘প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে 100 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (NAC) ৰ মতে, ছেপ্তেম্বৰ-অক্টোবৰ মাহত চিকিৎসা মহাবিদ্যালয় তিনিখনত নামভৰ্তি কৰা হ’ব’’ (Academic year will start in Nagaon, Kokrajhar and Nalbari medical colleges)।
লগতে পঢ়ক :Preparation of Ambubachi Mela: অম্বুবাচী মেলা প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল