ধেমাজিত সম্পূৰ্ণ প্ৰায় 74 শতাংশ PMAY গৃহ - প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৱন্টন
Published : Dec 7, 2023, 2:49 PM IST
ধেমাজি, 7 ডিচেম্বৰ :বৃহস্পতিবাৰে ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ সভাকক্ষত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰাই সম্বোধন কৰে এক সংবাদমেল ৷ এই সংবাদমেলত ধেমাজি জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ অগ্ৰগতিৰ সম্পৰ্কে কেতবোৰ মন্তব্য আগবঢ়ায় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ৷
তেওঁ কয়, ‘‘ইতিমধ্যে ধেমাজি জিলাৰ পাঁচটা উন্নয়ন খণ্ডৰ ক্ৰমে বৰদলনিত আৱন্টন হৈছিল 10171 টা ঘৰ ৷ ইয়াৰে সম্পূৰ্ণ হৈছে 6675 টা’’ ৷ লগতে তেওঁ কয়, ‘‘ধেমাজিত আৱন্টন হৈছিল 9087 টা আৰু সম্পূৰ্ণ হৈছে 6366 টা ঘৰ ৷ সেইদৰে মাছখোৱাত 3575 টা আৱন্টন হোৱাৰ বিপৰীতে 2942 টা ঘৰ সম্পূৰ্ণ হৈছে ’’ ৷
তেওঁ আৰু কয়, ‘‘মুৰ্কংচেলেকত 16668 টা ঘৰ আৱন্টন হোৱাৰ বিপৰীতে সম্পূৰ্ণ হৈছে 12683 টা ৷ চিচিবৰগাঁও উন্নয়ন খণ্ডত 22422 টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৱন্টন হোৱাৰ বিপৰীতে 17318 টা ঘৰ সম্পূৰ্ণ হৈছে’’ ৷
উল্লেখ্য যে, সৰ্বমুঠ জিলাখনত 61923 টা আৱাস গৃহ আৱন্টন হৈছিল যদিও মুঠ 45984 টা আৱাস গৃহ সম্পূৰ্ণ হৈছে ৷ ফলত জিলাখনত অগ্ৰগতিৰ শতকৰা হাৰ হৈছে 74.26 শতাংশ ৷