অসম

assam

By

Published : Nov 3, 2022, 7:37 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

AASU protest at Tingkhang: পথ নিৰ্মাণৰ দাবীৰে টিংখাঙত আছুৰ প্ৰতিবাদ

পথ মেৰামতিৰ দাবীত টিংখাঙত আছুৰ উত্তাল প্ৰতিবাদ (AASU protest at Tingkhang) । টিংখাঙৰ পৰা নামৰূপ সংযোগী ঐতিহাসিক মাহমৰা পথৰ নিৰ্মাণকাৰ্য দ্ৰুতগতিত সম্পাদনৰ লগতে নিম্ন মানদণ্ডৰ কামৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আছু কৰ্মী (AASU protest against pathetic road) ৷ নামৰূপ, টিংখাং আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে যৌথভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৰ তিনিওটা আঞ্চলিকৰ শতাধিক প্ৰতিবাদকাৰীয়ে টিংখাং ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৪৯.৫৭ কোটি টকাৰে ২৪ কিঃমিঃ পথৰ নিৰ্মাণত বেমেজালি সৃষ্টি কৰা ঠিকাদাৰ প্ৰতিষ্ঠান B.B Enterprise বিৰুদ্ধে সৰৱ হৈ উঠে প্ৰতিবাদকাৰী সকল ৷ উক্ত কাৰ্যসূচীৰ অন্তত আছুৱে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি পথটোৰ লগত জড়িত লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details