অসম

assam

Sanghati Divas in Guwahati : চন্দ্ৰপুৰত আছুৰ ছাত্ৰ সংহতি দিৱস পালন; খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি, পুতুল শইকীয়াক স্মৰণ

By

Published : Jun 11, 2023, 9:54 AM IST

আছুৱে কেন্দ্ৰীয়ভাৱে পালন কৰে ছাত্ৰ সংহতি দিৱস

গুৱাহাটী, ১১ জুন :চন্দ্ৰপুৰ হাইস্কুল খেলপথাৰত কামৰূপ মহানগৰ ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে আছুৱে কেন্দ্ৰীয়ভাৱে পালন কৰে ছাত্ৰ সংহতি দিৱস । স্মৰণ কৰে খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি, পুতুল শইকীয়াক (AASU observes Sanghati Divas in Guwahati)। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ছাত্ৰ সংহতি দিৱসৰ তাৎপৰ্য বাখ্যা কৰে ।

ইয়াৰ পিচত শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ৷ আছু নেতাগৰাকীয়ে খাদ্য আন্দোলনৰ শ্বহীদ ছাত্ৰ নেতা ক্ৰমে গজেন ইংতি আৰু পুতুল শইকীয়াক স্মৰণ কৰে । ভাষণ প্ৰসংগত ছাত্ৰ নেতাগৰাকীয়ে চৰকাৰৰ বৰ্তমানৰ নীতি আদৰ্শক সমালোচনা কৰি সকলোকে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ্বান জনায় (Sanghati Divas in Guwahati)।

এই অনুষ্ঠানত শ্বহীদ ছাত্ৰ দুগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘অসমৰ ৰাইজে আন্দোলন নকৰিলে একো নাপায় ৷ যিখিনি পাইছো আন্দোলন কৰিয়েই পাইছো ৷ ৭৪’ চনত খাদ্য আন্দোলন কৰিয়েই দুগৰাকী ছাত্ৰ পুলিচৰ গুলী বুকু পাতি ল’ব লগা হৈছিল ৷ আজিও আমি খাদ্যৰ নামত আন্দোলন কৰি থাকিব লগা হৈছে ৷ বজাৰত লাগিছে জুই চৰকাৰ আছে শুই ৷ আমি মাত নামাতিলে একো নাপাওঁ ৷ চৰকাৰে বিভাজনৰ ৰাজনীতিৰে সমাজখন ভাঙিব খুজিছে’’ ৷

লগতে পঢ়ক :Cop detained in Dhubri : ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহ

ABOUT THE AUTHOR

...view details