অসম

assam

দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক

ETV Bharat / videos

Assamese Medium: বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন আছুৰ সাধাৰণ সম্পাদকৰ - বড়োলেণ্ড বিশ্ববিদ্যালয়

By

Published : Jul 2, 2023, 12:52 PM IST

ডিব্ৰুগড়, 2 জুলাই:বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ পাছতেই দুলীয়াজানত প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ৷ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে নেতাগৰাকীয়ে ৷ 

উল্লেখযোগ্য যে, আছুকে ধৰি আন দল-সংগঠনৰ বিৰোধিতাৰ পাছত অৱশেষত বড়োলেণ্ড বিশ্ববিদ্যালয়ে প্ৰত্যাহাৰ কৰিলে অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত ৷ পূৰ্বৰ দৰেই এতিয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 59খন মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পৰীক্ষাৰ উত্তৰ বহী লিখিব পাৰিব ৷  

বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, অসমত থাকি অসমীয়া মাধ্যমৰ ওপৰত হাত দিব বিচৰা কোনোধৰণৰ সিদ্ধান্ত অথবা কোনো ধৰণৰ চিন্তা কৰা ব্যক্তি সকলক আমি সকীয়াই দিছোঁ ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিষয়টো বুজি পাইছে; কিন্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বিষয়টো কেতিয়া বুজি পাব বুলি প্ৰশ্ন কৰে তেওঁ ৷ লগতে নেতাজনে কয় যে, যি মাতৃভাষাক ভাল নাপায় তেওঁ কেতিয়াও মাতৃভূমিক ভাল পাব নোৱাৰে ৷ গতিকে মন, মগজুত এনেধৰণৰ চিন্তা যি সকলৰ আহিছে তেওঁলোকে এই চিন্তা প্ৰত্যাহাৰ কৰিব লাগে বুলিও কয় তেওঁ ৷

শংকৰজ্যোতি বৰুৱাই লগতে কয় যে, আইৰ মুখৰ ভাষাক সন্মান কৰিব নজনা, ভাষাটোক বিলুপ্তি কৰিব বিচৰা এই মানসিকতা পৰিত্যাগ কৰিব লাগিব ৷ এই মানসিকতা অসমীয়া সমাজখনৰ বাবে কেতিয়াও স্বাস্থ্যকৰ নহয় ৷ গতিকে অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰক বুলি কৈ তেওঁ কয় যে, এই শুভ চিন্তা, শুভ বুদ্ধি হিমন্ত বিশ্ব শৰ্মাৰ মন, মগজুতো উদয় হওক ৷  

লগতে পঢ়ক:Tree plantation at Dhemaji DIET : সেউজ পৃথিৱীৰ বাবে একাংশ বিদায়ী শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ABOUT THE AUTHOR

...view details