অসম

assam

দেৰগাঁও বাছ দুৰ্ঘটনা

ETV Bharat / videos

NHIDCLৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান আছুৰ - ঘাইপথ প্ৰাধিকৰণ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 7:25 PM IST

যোৰহাট, 3 জানুৱাৰী : ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান আছুৰ লগতে সচেতন ব্যক্তিৰ ৷ আৰ্তজনক ৰক্তদানৰ বাবে সাজু আছু আৰু অসম সেনাৰ ।

উল্লেখ্য দেৰগাঁৱৰ বালিজান সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত আহতসকলক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

আহতসকলক পৰ্যাপ্ত পৰিমাণে তেজ দিয়াৰ বাবে সাজু হৈ আছে আছু আৰু অসম সেনা । আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ মইমতালিৰে কৰি থকাৰ উপৰিও নিৰ্মীয়মান পথত কোনোধৰণৰ সাংকেতিক চিহ্ন ব্যৱহাৰ নকৰাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । সেয়েহে উক্ত দুৰ্ঘটনাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সম্পূৰ্ণৰূপে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰিছে আছুৱে ৷  

ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডকে অধিকাংশ লোকে ধিক্কাৰ দিয়াৰ লগতে লিমিটেডৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে ৷

লগতে পঢ়ক:বছা-ভৰলোৱা গাঁৱত শোকাকুল পৰিৱেশ

ABOUT THE AUTHOR

...view details