অসম

assam

পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই ল’লে অৱসৰ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:07 PM IST

ETV Bharat / videos

Teachers Day:বিনা বেতনে ৩০ বছৰ শিক্ষকতা কৰি পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই ল’লে অৱসৰ

যোৰহাট, 5 ছেপ্টেম্বৰ : তেওঁ আছিল এখন বিদ্যালয় প্ৰতিষ্ঠাপক শিক্ষক ৷ বিদ্যালয়খন চৰকাৰীকৰণো হ’ল আৰু শিক্ষকৰ পদ প্ৰাদেশীকৰণো হ’ল, কিন্তু প্ৰতিষ্ঠাপক শিক্ষকজন বাদ পৰি ৰ’ল কৰবাত ৷ আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোতে মৰিয়নী দিহিঙীয়াপাৰ বিদ্যালয়ৰ পৰা সেই শিক্ষকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰে ৷  বিনা বেতনে ৩০ বছৰ শিক্ষকতা কৰিলে তেওঁ ৷

যোৰহাট জিলা অন্তৰ্গত মৰিয়নী সমষ্টিৰ অন্তৰ্গত দিহিঙীয়াপাৰ মধ্য ইংৰাজ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক প্ৰদীপ কুমাৰ ভূঞাক আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনা ৰাজহুৱাভাৱে সন্মান সহকাৰে বিদায় জনোৱা হয় ৷ জানিব পৰা মতে ১৯৯৪ চনত প্ৰদীপ কুমাৰ ভূঞাই প্ৰতিষ্ঠা কৰিছিল বিদ্যালয়খন ৷ ২০২১ চনত বিদ্যালয়খনৰ চৰকাৰীকৰণ হোৱাৰ লগতে শিক্ষকৰ পদ প্ৰাদেশীকৰণো হয় যদিও দুৰ্ভাগ্যবশত প্ৰতিষ্ঠাপক শিক্ষক প্ৰদীপ কুমাৰ ভূঞাৰ নামটো বাদ পৰি যায় ৷ এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনা সমূহ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ উপস্থিতিত শ্ৰদ্ধা শিক্ষক প্ৰদীপ কুমাৰ ভূঞাক বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰি আৱেগিকভাৱে বিদায় জনোৱা হয় ৷

সূদীৰ্ঘ ৩০ বছৰ দিন এই বিদ্যালয়তে শিক্ষকতা কৰি আজি বিদায় লয় বিশিষ্ট শিক্ষকগৰাকীয়ে ৷ শিক্ষা বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে এজন শিক্ষকে নিজৰ প্ৰাপ্যৰ বঞ্চিত হ'বলগীয়া হ'ল । আনকি এইগৰাকী কৰ্মত ব্ৰতী শিক্ষকৰ কথা ভাবিবলৈ সময় নহ’ল ৰজাঘৰ-প্ৰজাঘৰ আৰু স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।

লগতে পঢ়ক :Teachers day 2023:শিক্ষাগুৰুৰ চৰণ ধুই আধ্যাত্মিকতাৰে উদযাপন শিক্ষক দিৱস

ABOUT THE AUTHOR

...view details