অসম

assam

ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 12:07 PM IST

ETV Bharat / videos

ভোগালী বিহু: এঠা দৈ দেখিয়ে জিভাৰ পানী পৰিব আপোনাৰ

আমগুৰি, ১১ জানুৱাৰী :ভোগৰ উৎসৱ ভোগালীৰ বাবে সাজু হৈ উঠিছে প্ৰতিজন অসমীয়া। আমগুৰিৰ জাঁজীত এঠা দৈ প্ৰস্তুত কৰাত ব্যস্ত এজন যুৱক । গৰু গাখীৰেৰে ৩০০ টেকেলি দৈ-গাখীৰ বিক্ৰীৰ বাবে সাজু কৰিছে যুৱকজনে ৷

জাঁজীৰ বিজু হাতীমূৰীয়াই যোৱা দহ এঘাৰ বছৰ ধৰি গাখীৰৰ ব্যৱসায় কৰি আহিছে । নিজ গৃহতে ৬ জনী গৰুৰ গাখীৰেৰে গ্ৰাহকক দৈৰ সোৱাদ দিবলৈ সক্ষম হৈছে বিজু হাতীমূৰীয়া । গাখীৰ বিক্ৰী কৰি স্বাৱলম্বী হৈছে যুৱকজন । প্ৰতিমাহে ৪০ ৰ পৰা ৫০ হাজাৰ টকা উপাৰ্জন কৰা বিজু হাতীমূৰীয়াই যোৱা দহ এঘাৰ বছৰ ধৰি গাখীৰৰ ব্যৱসায়েৰে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে ।

উল্লেখ্য যে, ৰাজ্যজুৰি চলিছে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে গ্ৰামাঞ্চলত সকলো ব্যস্ত হৈ পৰিছে । কৃষিজীৱি লোকৰ অন্যতম হেঁপাহৰ ভোগালী বিহু হ’ল ভোগৰ উৎসৱ ।

মূৰৰ ঘাম মাটিত পেলাই আঘোণৰ সোণোৱালী গুটি ধান ভঁৰালত ভৰাই, লগে-ভাগে ন-মুঠি খাই ভোগালী বিহু উদযাপন কৰে প্ৰতিজন অসমীয়াই । বিহুবলীয়া অসমীয়াই নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে বদ্ধপৰিকৰ । ভোগৰ উৎসৱৰ বাবেও অসমীয়াই চলাইছে ব্যাপক প্ৰস্তুতি।

লগতে পঢ়ক :প্ৰাক ভোগালীৰ আনন্দত মতলীয়া ধেমাজিৰ গোঁহাই চাপৰি মহিলাসকল

ABOUT THE AUTHOR

...view details