A man detained for extorting money:ৰঙাপৰাত নিষিদ্ধ সংগঠনৰ নামত ধন দাবী কৰা এজনক আটক - নিষিদ্ধ সংগঠনৰ নামত ধন দাবী কৰা এজনক আটক
Published : Sep 16, 2023, 10:43 PM IST
ৰঙাপৰা, 16 ছেপ্টেম্বৰ :শোণিতপুৰ জিলাৰ ৰঙাপৰাত বিদ্ৰোহী সংগঠনৰ নামত বৃহৎ পৰিমাণৰ ধনদাবী কৰা এজন লোকক অসম আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । সহজলভ্যভাৱে ধন ঘটাৰ লক্ষ্যৰে ৰঙাপৰাৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীক ধনদাবী কৰাৰ পিচতে লোকজনক আটক কৰিবলৈ সক্ষম হয় ৰঙাপৰা আৰক্ষী ।
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৩ ছেপ্টেম্বৰত এখন মটৰ চাইকেলত অহা তেজপুৰ বেচেৰীয়াৰ দুজন অচিনাক্ত লোকে ৰঙাপৰাৰ পৰিচিত ব্যৱসায়ী এজনক বিদ্ৰোহী সংগঠনৰ নামত ১ কোটি টকা ধন দাবী কৰিছিল । লক্ষ্যণীয় কথাটো হ’ল যে যুৱকদ্বয়ে ধনদাবী পত্ৰখনৰ লগতে এটা বন্দুকৰ গুলীও প্ৰেৰণ কৰিছিল । ঘটনাৰ সন্দৰ্ভত ব্যৱসায়ীজনে ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰখন পোৱাৰ পিচতে ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া তিলক চন্দ্ৰ তেৰেঙে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷
শনিবাৰে ধনদাবী কৰা লোকজনক বেচেৰীয়াৰ পৰা আটক কৰাৰ লগতে ব্যৱহাৰ কৰা মটৰ চাইকেলখনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । ৰঙাপৰা আৰক্ষীয়ে তদন্তৰ খাতিৰত লোকজনৰ নাম গোপনে ৰাখিছে ।
লগতে পঢ়ক :Rangapara News: চোৰ-ডকাইতৰ পৰা সুৰক্ষা বিচাৰি আৰক্ষী থানা পালেহি একাংশ মহিলা