ৰে’ল যাত্ৰা কিমান সুৰক্ষিত মহিলাৰ বাবে ?
Published : Dec 21, 2023, 5:02 PM IST
শিলচৰ, 21 ডিচেম্বৰ : নিশা চলন্ত ৰে’লত যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা ৷ শিয়ালদাহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৷ ফেচবুক লাইভ কৰি উদণ্ড যুৱকজনৰ কু-ৰ্কম পোহৰলৈ আনিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷
ৰে’লৰ আন যাত্ৰীসকলৰ সহযোগত মাজনিশা ৰঙিয়া ৰে’ল আৰক্ষীক চমজাই দিয়া হৈছে অভিযুক্তক ৷ তাৰ নাম অভিজিৎ ৰাউত বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ সৈতে শিয়ালদাহৰ পৰা শিলচৰলৈ বুলি কাঞ্চনজংঘা এক্সপ্ৰেছত উঠিছিল শিলচৰৰ এইগৰাকী যুৱতী ৷ সকলো গভীৰ নিদ্ৰাত থকা সময়তে আন্ধাৰৰ সুযোগ লৈ নিচাসক্ত অভিজিৎ ৰাউতে যুৱতীগৰাকীৰ গাত হাত দিয়ে ৷ লম্পটটোৱে আপত্তিজনকভাৱে স্পৰ্শ কৰে বুলি যুৱতীগৰাকীয়ে কান্দি কান্দি লাইভত কয় ৷
যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত দৌৰি আহে ট্ৰেনত থকা আন যাত্ৰীসকল ৷ আৰু সকলোৰে সহযোগত আটক কৰা হয় এই নৰাধমক । নিশা ফেচবুক লাইভ কৰি সকলো ঘটনা বৰ্ণনা কৰে যুৱতীগৰাকীয়ে ৷ আলিপুৰদুৱাৰ-ৰঙিয়াৰ মাজত ঘটনাটো সংঘটিত হয় ৷ ঘটনাৰ পিচত ৰঙিয়া ৰে’ল আৰক্ষীৰ হাতত গতাই দিয়া হৈছে অভিজিতক ৷ এই ঘটনাৰ পাচত ৰে’লত মহিলা যাত্ৰীসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷
লগতে পঢ়ক :অসৎ চৰিতাৰ্থ কামনাৰ শাস্তি ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড