অসম

assam

কলাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম

ETV Bharat / videos

Bishnu Prasad Rabha : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম মৃত্যু দিৱসত পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ সৈতে বাৰ্তালাপ - Bishnu Prasad Rabha

By

Published : Jun 20, 2023, 10:04 AM IST

তেজপুৰ, ২০ জুন :আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম স্মৃতি দিৱস । সমগ্ৰ ৰাজ্যবাসীয়ে আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে সৈনিক শিল্পীগৰাকীক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে তেজপুৰত কলাগুৰুৰ সমাধিত শোণিতপুৰ জিলা প্ৰশাসন আৰু এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্মৃতি দিৱসৰ অনুষ্ঠান ৷

বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটোতে কলাগুৰুৰ তেজপুৰ কলিবাৰী বাসগৃহত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰে হোৱা এক বাৰ্তালাপত তেওঁৰ জেষ্ঠ পুত্ৰ তথা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কলাগুৰুৰ স্মৃতি বিজড়িত সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষিত কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৷ লগতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত এই প্ৰচেষ্টা হাতত লৈছিল আৰু বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰুৰ স্মৃতি বিজ্ঞানসন্মতভাৱে ৰাখিবলৈ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ তেজপুৰ চহৰৰ পৰা স্থানান্তৰ কৰাৰ পিচত উক্ত ঠাইত ৰাভাৰ সংগ্ৰাহালয় নিৰ্মাণৰ ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ সদৰী কৰে ।

লগতে পঢ়ক :Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ABOUT THE AUTHOR

...view details