অসম

assam

হৰিনামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান

ETV Bharat / videos

427th MadhabDev Tirubhav tithi : হৰিনামৰ ধ্বনিৰে মুখৰিত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 1:58 PM IST

নগাঁও, 4 ছেপ্টেম্বৰ :বটদ্ৰৱা থানত ‘‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন’’ । শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সোমবাৰে পুৱাৰ পৰাই হৰিনামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থান । শ্ৰীমন্তশংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ তিৰোভাৱ তিথি ‘‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন’’ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে দেওবাৰৰ পৰাই শ্ৰীশ্ৰী বটদ্ৰৱা থানত আৰম্ভ হৈছে ।

দেওবাৰে ঘোষা কীৰ্তন, গন্ধ গোৱা অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানৰ পাচত সোমবাৰে পুৱা ‘‘তাল কোবোৱা’’ প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠান অনুষ্ঠিত হয় । সোমবাৰে পুৱাৰে পৰা দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱালৈ বিভিন্ন স্থানৰ পৰা বহু সংখ্যক যাত্ৰীৰ আগমন ঘটা পৰিলক্ষিত হৈছে ।

মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কীৰ্তনঘৰ, পদশিলা আদি পূণ্যস্থানসমূহত তীৰ্থযাত্ৰীসকলে শৰাই, বন্তি, নৈবদ্য আদি আগবঢ়াই ভগৱন্তৰ আশীষ নিৰ্মালী গ্ৰহণ কৰে ৷

লগতে পঢ়ক :Tithi of Mahapurush MadhabDev: উত্তৰ কমলাবাৰী সত্ৰত ৪ দিনীয়াকৈ পালন মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি

ABOUT THE AUTHOR

...view details