3 Congress leaders on one stage: বৰাকৰ ৰাজনীতিত ধুমুহা; এখন মঞ্চত দেখা গ’ল অভিজিত, কমলাক্ষ্য আৰু খলিলক - বৰাকৰ ৰাজনীতিত ধুমুহা
কাছাৰ, 16 এপ্ৰিল : কৰিগঞ্জ জিলাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি সন্দৰ্ভত মতানৈক্য ৷ কাছাৰ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি অভিজিত পালক সভাপতি পদত নিৰ্বাচিত কৰাৰ পিচতেই জিলাখনত খাম খেয়ালিৰ সৃষ্টি হৈছিল ৷ কিন্তু অসমীয়াত এষাৰ কথা আছে ৰজাই ভাল পাই যাক, হাতী, ঘোঁৰা, নালাগে তাক ৷ ইয়াৰ পিচতে কাছাৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি অভিজিৎ পালৰ লগতে কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থক একেখন মঞ্চতে প্ৰত্যক্ষ কৰে (3 congress leaders on one stage) ৷
দৰাচলতে, দেওবাৰে পবিত্ৰ ছিয়াম সাধনা মাহ ৰমজান উপলক্ষে কালাইন আৰু কাটিগড়া ব্লক কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত টিকাৰপাৰা বিধায়কৰ বাসগৃহত ইফতাৰ মেহফিলৰ আয়োজন কৰা হয় (Congress leaders on one stage in Cachar)। শনিবাৰে পহিলা ব’হাগৰ প্ৰাকক্ষণত আয়োজন কৰা এই অনুষ্ঠানত ইছলামিক বুদ্ধিজীৱী আৰু দুজন ব্লক কংগ্ৰেছ কমিটীৰ বিষয়াৰ লগত অভিজিৎ পাল, খলিল উদ্দিন মজুমদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থক একেখন মঞ্চতে দেখা গৈছিল ।
লগতে পঢ়ক:Motorcycle recovered: মাছমৰীয়াৰ জালত উঠিল মটৰ চাইকেল
প্ৰসংগক্ৰমে যোৱা সপ্তাহত কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালৰ নিযুক্তিৰ পিচত বৰাকৰ দুই কংগ্ৰেছ বিধায়ক কাটিগড়াৰ খলিল উদ্দিন মজুমদাৰ আৰু বৰাখলাৰ মিচাবাহুল ইছলাম লস্কৰে দলৰ সাংগঠনিক পদৰ পৰা পদত্যাগ কৰাৰ খবৰ আহিছিল । কিন্তু ইয়াৰ পূৰ্বেও বিধায়ক দুগৰাকীৰ লগতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতিয়ে পদত্যাগ কৰাৰ প্ৰতিবেদন ভিত্তিহীন বুলি খাৰিজ কৰা হৈছিল । এতিয়া এই তিনিওকে একেলগে প্ৰত্যক্ষ কৰি বৰাকৰ ৰাজনৈতিক মহলাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷