অসম

assam

অসম ৰাজ্যিক পাঞ্জা সংস্থাৰ সংবাদমেল

ETV Bharat / videos

World arm wrestling champion: বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত অংশ ল’ব অসম 25 গৰাকীৰ খেলুৱৈয়ে - Assam players to take World armwrestling champion

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 1:49 PM IST

ডিব্ৰুগড়,21 ছেপ্টেম্বৰ :ডিব্ৰুগড়ত অসম ৰাজ্যিক পাঞ্জা সংস্থাৰ সংবাদমেল ৷ বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ যোগদানৰ সন্দৰ্ভত আয়োজন কৰে এই সংবাদমেল ৷ মালেয়েছিয়াত 26 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব লগা বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত প্ৰতিযোগিতালৈ অসম 25 গৰাকীৰ খেলুৱৈক নিৰ্বাচিত কৰিছে ৷ বুধবাৰে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণাৰ কৰিছে অসম ৰাজ্যিক পাঞ্জা সংস্থাই ।

‘‘অসমৰ পৰা নিৰ্বাচিত হোৱা 25 জন খেলুৱৈ ভিতৰত 8 গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত । এই প্ৰতিযোগিতাত 50 খন দেশৰ প্ৰায় 700ৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰিব । ভাৰতৰ খেলুৱৈ থাকিব প্ৰায় 50ৰো অধিক ৷ তাৰে অসমৰ 25 জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব’’ বুলি জানিবলৈ দিছে অসম ৰাজ্যিক পাঞ্জা সংস্থাই ।

সংবাদমেল অসম ৰাজ্যিক পাঞ্জা সংস্থাৰ সভাপতিৰ আদিত্য গোস্বামী লগতে ৰাষ্ট্ৰীয় পাঞ্জা সংস্থাৰ উপ-সভাপতি অনুপ ৰাজখোৱাইও অংশগ্ৰহণ কৰে । ইফালে মালেয়েছিয়াত 26 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত প্ৰতিযোগিতা অসম 25 গৰাকীৰ খেলুৱৈক প্ৰতিনিধিত্ব কৰিব অসম পাঞ্জা সংস্থাৰ সভাপতিৰ আদিত্য গোস্বামীয়ে ৷ 

লগতে পঢ়ক:Tea workers hold protest:কৰম পূজাৰ বন্ধক চৰকাৰে ঘোষণা কৰিলে পেইড হলিডে’, আটছাৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details