অসম

assam

হাওৰাঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ হাতীৰ কৰুণ মৃত্যু

ETV Bharat / videos

হাওৰাঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ হাতীৰ কৰুণ মৃত্যু - forest department of assam

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:35 PM IST

ডিফু, 9 ডিচেম্বৰ: হাওৰাঘাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিদ্যুতস্পৃষ্ট হৈ দুটাকৈ বন্যহস্তীৰ মৃত্যুৰ খবৰে সৃষ্টি কৰিছে ৰাজ্যজুৰি চাঞ্চল্যৰ । খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা দুটা বন্যহস্তীয়ে শনিবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি লয়। 

উল্লেখ্য যে, পূৱ দিখাৰু নিকটৱৰ্তী পাহাৰীয়া এলেকাৰ পৰা নামি অহা হাতীৰ জাকে প্ৰায়ে তাণ্ডৱ চলায় সমীপৱৰ্তী অঞ্চলসমূহত । বিশেষকৈ ধান চপোৱাৰ সময়ত আগমন ঘটে বন্যহস্তীৰ । বন্যহস্তীৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ খেতি পথাৰৰ চৌপাশে সংযোগ কৰা হৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ আৰু তাৰ কৰুণ পৰিণতিত এই কৰুণ ঘটনা সংঘটিত হয় ৷

বন বিভাগৰ উচ্চস্তৰীয় দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । ঘটনাটো পোহৰলৈ অহাৰ সমান্তৰালভাৱে বিয়াগোম বন বিভাগ এটা থকাৰ পিচতো কোনে পথাৰত বিদ্যুত সংযোগ স্থাপন কৰিলে বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

লগতে পঢ়ক:বন্যহস্তীৰ উপদ্ৰৱ, নিদ্ৰাহৰণ নগঞাৰ

ABOUT THE AUTHOR

...view details