অসম

assam

ভূ-স্বৰ্গত পৰিণত বঙাইগাঁও শোধনাগাৰ উপনগৰী

ETV Bharat / videos

Flower Show 2023 : ৰং-বিৰঙী ফুলৰ সমাহাৰেৰে ভূ-স্বৰ্গত পৰিণত বঙাইগাঁও শোধনাগাৰ উপনগৰী - ভাৰতীয় তেল নিগম

By

Published : Feb 12, 2023, 6:59 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

চিৰাং, 12 ফেব্ৰুৱাৰী : ভিন্নৰঙী ফুলৰ সমাহাৰত সুশোভিত হৈ পৰিছে বঙাইগাঁও শোধনাগাৰ উপনগৰী ৷ সৰগী শোভা উপভোগ কৰিবলৈ সোঁত বৈছে কাষৰীয়া অঞ্চলৰ অগনন লোকৰ ৷ ভাৰতীয় তেল নিগম, বঙাইগাঁৱৰ উদ্যোগত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পুষ্প প্ৰদৰ্শনী মেলা-২০২৩ (Flower show 2023)৷

বঙাইগাঁও শোধনাগাৰ উপনগৰীত (টাউনশ্বিপত) তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ১৩ সংখ্যক পুষ্প প্ৰদৰ্শনী মেলা-২০২৩ (Flower show-2023) ৷ এই পুষ্প প্ৰদৰ্শনী উপভোগ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে চিৰাং আৰু বঙাইগাঁও জিলাবাসীয়ে ৷  চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ উপনগৰীত (টাউন শ্বিপত) শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ফ্লাৱাৰ শ্ব’ -২০২৩ (Flower Show at Bongaigaon Refinery Township)৷

বিগত 12 টা বৰ্ষৰ দৰে এইবাৰো বিভিন্ন প্ৰজাতিৰ ফুলেৰে সজাই তোলা হৈছে ৰত্নপীঠ উদ্যান ৷ এইবেলি ১৩ সংখ্যক পুষ্প প্ৰদৰ্শনী মেলাৰ শুভ উদ্বোধন কৰে বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱাই (Bongaigaon Refinery Executive Director Nayan Kumar Barua)৷ ইয়াৰ পাচতেই শোধনাগাৰ উপনগৰীৰ বাসিন্দাসকলৰ মাজত ফুলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷  কোনে কিমান ধুনীয়া ফুল আনিব পাৰে তাক লৈয়েই অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ৷

ইয়াৰোপৰি প্লাষ্টিক বৰ্জন আৰু পানী ৰক্ষা কৰা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক অনুষ্ঠানৰো আয়োজন কৰা হয় পুষ্প প্ৰদৰ্শনী মেলাত ৷ মেলাত বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে চিৰাং আৰু বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লোকে ভৰি পৰে বিভিন্ন প্ৰকাৰৰ ফুলৰ প্ৰদৰ্শনী উপভোগ কৰিবলৈ ৷

আজিৰে পৰা দুদিনৰ বাবে সকলো লোকৰ বাবে মুকলি থাকিব পুষ্প প্ৰদৰ্শনী মেলা (Flower exhibition at Bangaigaon Refinery) ৷ উল্লেখ্য, পৰিৱেশৰ মৌলিকতা ৰক্ষাৰ ক্ষেত্ৰত ফুলৰ ভূমিকা সন্দৰ্ভত সাধাৰণ লোকক সজাগ কৰিবলৈ প্ৰতি বছৰে বঙাইগাঁও শোধনাগাৰৰ দ্বাৰা এই পুষ্প প্ৰদৰ্শনী মেলাৰ আয়োজন কৰা হয় ৷ যাতে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ সকলো লোকে ফুল ৰোৱাৰ প্ৰতি আগ্ৰহী হয় ৷

লগতে পঢ়ক:Udyam 2023 : ৰাজ্যৰ উদ্যোগীসকলক বজাৰ দিয়াৰ লক্ষ্যৰে চৰকাৰৰ বিশেষ পদক্ষেপ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details