অসম

assam

By

Published : Jan 5, 2023, 1:47 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

11th Mising handloom expo 2023: ডিব্ৰুগড়ত পাঁচদিনীয়া কাৰ্যসূচীৰে একাদশ মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা

ডিব্ৰুগড়ত বুধবাৰৰ পৰা পাঁচদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে একাদশ মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা (11th Mising handloom expo 2023 in Dibrugarh)৷ ডিব্ৰুগড় চৰকাৰী ল'ৰা হাইস্কুল খেলপথাৰত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আয়োজন কৰা এই হস্ততাঁত আৰু বস্ত্ৰমেলা উদ্বোধন কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে (Moran MLA Chakradhar Gogoi) ৷ এই উদ্বোধনী অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰী, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, প্ৰশান্ত বড়িসহ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে ৷ ইয়াৰোপৰি এই অনুষ্ঠানত বিহু, মিচিং লোকসকলৰ পৰম্পৰাগত নৃত্যকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় ৷ এই বস্ত্ৰমেলাত ৰাজ্যৰ প্ৰায় ৬০ খনৰো অধিক বস্ত্ৰ আৰু খাদ্য বিপনীয়ে অংশগ্ৰহণ কৰিছে ৷ উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীৰ খাদ্য আৰু বস্ত্ৰক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ (Mising Autonomous Council)উদ্যোগত গুৱাহাটী আৰু ডিব্ৰুগড়ত মিচিং হস্ততাঁত আৰু আৰু বস্ত্ৰমেলা অনুষ্ঠিত কৰি আহিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details