অসম

assam

By

Published : Jul 1, 2020, 2:19 PM IST

ETV Bharat / videos

বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক স্থিতি

চীনত সূত্ৰপাত হোৱা কৰ'ণা মহামাৰীয়ে ছানি ধৰিছে সমগ্ৰ বিশ্ব ৷ বিশ্বত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ 1 জুলাইৰ দিনটোত সমগ্ৰ বিশ্বতে নতুনকৈ 1,75,119 গৰাকী লোকৰ দেহত পোৱা গৈছে এই মহামাৰীৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে সমগ্ৰ বিশ্বতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে মুঠ 1,05,77,756 গৰাকীলৈ ৷ কেৱল আক্ৰান্তৰ সংখ্যাই নহয় ৷ আক্ৰান্তৰ সমান্তৰালকৈ এই মহামাৰীৰ ফলত মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে মুঠ 5,13,186 গৰাকীলৈ ৷ বুধবাৰৰ দিনটোতে সমগ্ৰ বিশ্বতে 5,668 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ কৰ'ণা মহগামাৰীয়ে আটাইতকৈ অধিক প্ৰভাৱ পেলোৱা দেশ কেইখন ক্ৰমে আমেৰিকা, ব্ৰাজিল আৰু ৰাছিয়া ৷ বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক স্থিতি জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details