অসম

assam

অনুৰাগীক অভিবাদন জনায় শ্বাহৰুখ খানে

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 12:44 PM IST

Updated : Dec 25, 2023, 3:01 PM IST

ETV Bharat / videos

অনুৰাগীৰ সৈতে ডাংকিৰ সফলতা উদযাপন শ্বাহৰুখ খানৰ, হাতযোৰ কৰি জনালে ধন্যবাদ

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ:শ্বাহৰুখ খানৰ এই বছৰটোৰ তৃতীয় আৰু শেষৰখন প্ৰত্যাশিত ছবি ডাংকি যোৱা ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে । ৰাজকুমাৰ হিৰাণীৰ এই ছবিখন মুক্তি পোৱাৰ লগে লগে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । অনুৰাগীয়ে শ্বাহৰুখৰ এই পাৰিবাৰিক মনোৰঞ্জনমূলক ছবিখন অতিশয় ভাল পাইছে ।

ছবিখনে লাভ কৰা মৰম দেখি শ্বাহৰুখ খানেও নিজৰ অনুৰাগীক এক বিশেষ উপহাৰ দিয়ে । দেওবাৰে সন্ধিয়া শ্বাহৰুখ খানে নিজৰ ঘৰ মন্নতৰ বেলকনিলৈ আহি অনুৰাগীক অভিবাদন জনায় । ইয়াৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, য’ত কিং খানে মন্নতৰ বাহিৰত সমবেত হোৱা লাখ লাখ অনুৰাগীক সাক্ষাৎ কৰে । এই সময়চোৱাত শ্বাহৰুখে তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে । তেওঁৰ ছবি ডাংকিৰ প্ৰতি অনুৰাগীয়ে দেখুওৱা মৰমৰ বাবে হাতযোৰ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে কিং খানে ৷ কেৱল এয়াই নহয়, শ্বাহৰুখ খানে অনুৰাগীক সন্তুষ্ট কৰিবলৈ নিজৰ চিগনেচাৰ প’জটোও দিছিল ।

লগতে পঢ়ক:মুক্তিৰ তিনিদিনত কিমান উপাৰ্জন কৰিলে কিং খানৰ ডাংকিয়ে ?

Last Updated : Dec 25, 2023, 3:01 PM IST

ABOUT THE AUTHOR

...view details