অসম

assam

দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 2:01 PM IST

ETV Bharat / videos

আজিৰ পৰা মাজুলীত আৰম্ভ শাৰদীয় ৰাস মহোৎসৱ, পৰ্যটকৰ ভিৰ

মাজুলী, 26 নৱেম্বৰ :আজিৰ পৰা মাজুলীত আৰম্ভ হ’ব শাৰদীয় ৰাস মহোৎসৱ । ৰাস উৎসৱৰ মূৰ্চনাত বিলিন নদীদ্বীপ মাজুলী । দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত সত্ৰিয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰৰে মুখৰিত সত্ৰীয়া সংস্কৃতিৰ প্ৰণকেন্দ্ৰ মাজুলী । দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছেহি মাজুলী ৷ 12 খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত অনুষ্ঠিত হ'ব ৰাস ।

আনহাতে, পুৱাৰ ভাগৰ পৰাই মাজুলীৰ সত্ৰসমূহত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । নিশাৰ ভাগলৈ মঞ্চস্থত হ’ব শ্ৰীকৃষ্ণৰ ৰাসলীলা । ইফালে, এই বছৰ 350 বছৰীয়া গৌৰৱ উজ্জ্বল ৰাস মহোৎসৱৰ আয়োজন কৰিছে উত্তৰ কমলাবাৰী সত্ৰই ৷ আজি সত্ৰৰ প্ৰাংগণত 350 খন পতাকা উত্তোলন কৰা হয় । নিশাৰ ভাগলৈ কেলিগোপাল নাটকৰ আৰ্হিত সত্ৰৰ বৈষ্ণৱসকলে প্ৰদৰ্শন কৰিব ৰাসলীলা ।

লগতে পঢ়ক :কাইলৈ ৰাস পূৰ্ণিমা; সাজু নামনি মাজুলীৰ নলদোৱাৰ যুৱক কৃষ্টি সংঘ

ABOUT THE AUTHOR

...view details