IFFI in Goa : গোৱাত অনুষ্ঠিত হৈছে ভাৰতৰ 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
বিগত 20 নৱেম্বৰত গোৱাৰ পানাজীত ভাৰতৰ 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে বলীউডৰ বহু চেলেব্ৰিটীয়ে ৰেড কাৰ্পেটত খোজ দিয়ে । 1952 চনত প্ৰতিষ্ঠা হোৱা আই এফ এফ আইৰ চলিত বৰ্ষত গোৱাত 53 সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে ৷ ছবি, তেওঁলোকে কোৱা কাহিনী, আৰু ইয়াৰ আঁৰৰত থকা মানুহ সকলক উদযাপন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল । আই এফ এফ আইৰ ফ্লেগশ্বিপ কম্পোনেণ্ট ইণ্ডিয়ান পেনোৰামাই ইয়াৰ পূৰ্বে 25 খন আৰু 20 খন নন-ফিচাৰ ছবিৰ নিৰ্বাচনৰ কথা ঘোষণা কৰিছিল । নিৰ্বাচিত ছবিসমূহ 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া 53 সংখ্যক আই এফ এফ আইত প্ৰদৰ্শন কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:33 PM IST