অনুসূচীত জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীত চচলত ভৈয়াম কাৰ্বি সংগঠনৰ প্ৰতিবাদ - ইউনাইটেড ফৰাম ফৰ লংৰি কিমি
Published : Nov 30, 2023, 2:36 PM IST
|Updated : Nov 30, 2023, 2:52 PM IST
গুৱাহাটী, 30 নৱেম্বৰ :ভৈয়ামত বসবাস কৰা কাৰ্বিসকলক অনুসূচিত জাতিৰ স্বীকৃতি প্ৰদানৰ দাবীৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি দল-সংগঠনে ৷ অসম ভৈয়াম কাৰ্বি আদৰবাৰৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ভৈয়ামত বসবাস কৰা কাৰ্বিসকলক অনুসূচিত জাতিৰ স্বীকৃতি প্ৰদান কৰক, অনুসূচীত কৰণ আমাৰ জন্মস্বত্ব অধিকাৰ আদি শ্লোগানেৰে চচলত পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ।
প্ৰতিবাদকাৰীসকলে কয় যে, প্ৰতিখন চৰকাৰে কেবল ভোট বেংকৰ স্বাৰ্থত ভৈয়ামৰ কাৰ্বিসকলক ব্যৱহাৰ কৰি আহিছে ৷ তেওঁলোকৰ সমস্যাৰ প্ৰতি চৰকাৰে পিঠি দি আহিছে ৷ যাৰ বাবে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীক সহযোগিতা আগবঢ়াই ইউনাইটেড ফৰাম ফৰ লংৰি কিমি আৰু বৃহত্তৰ গুৱাহাটী কাৰ্বি মহিলা সমাজে ।
লগতে পঢ়ক :এ পি এছ চি কেলেংকাৰী: কাকো ৰেহাই দিয়া নহ’ব